নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মামাৰ কৃতিত্বত উৎফুল্লিত মাজুলীৰ ভাগিন

দক্ষ, কর্মবীৰ তথা অসমৰ ৰাজনৈতিক ক্ষেত্রৰ চাণক্য স্বৰূপ ড০ হিমন্ত বিশ্ব শর্মাই আজি অসমৰ নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পিছতেই সমগ্র অসমবাসীৰ লগতে মাজুলীবাসীয়েও তেওঁক বিপুলভাৱে শুভেচ্ছা আৰু আদৰণি জনায়৷ মাজুলীবাসীয়ে নিজা সমষ্টিৰ প্রতিনিধি সর্বানন্দ সোণোৱালক মুখ্যমন্ত্রী হিচাপে বিচাৰিছিল যদিও বিচক্ষণ ৰাজনীতিজ্ঞ ড০ হিমন্ত বিশ্ব শর্মাক সমগ্র অসমত অপ্রতিৰোধ্য উন্নয়ন, শান্তি, প্রগতি, সভ্যতা–সংস্কৃতিৰ লগতে সামগ্রিক বিকাশ, নতুন অসম গঢ়াৰ গুৰু দায়িত্ব অর্পণ কৰাত মাজুলীৰ বিভিন্নজন লোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মাজুলীৰ কেইজনমান ছাত্র তথা ভাগিনক মোমায়েক মুখ্যমন্ত্রী হোৱাৰ খবৰে আহ্লাদিত, আনন্দিত কৰি তুলিছে৷ উল্লেখ্য যে চলিত বর্ষৰ ১৮ ফেব্রুৱাৰীত মাজুলীৰ কেইজনমান ছাত্রই ফুলনিত লগ পাইছিল বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ মাজুলীৰ শ্রীৰাম বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৱিত্র দত্ত, হীৰকজ্যোতি শইকীয়া, প্রাঞ্জল শইকীয়া, বিকাশ দত্ত, চম্পক বৰুৱা, বিকাশ শইকীয়া, নিতুল বৰাকে ধৰি কেইবাজনো ছাত্র সেই বিশেষ দিনটোত ড০ হিমন্ত বিশ্ব শর্মাৰ লগত আনন্দ–স্ফূর্তিৰ মাজত বহু কথাই পাতিছিল৷ মাজুলীৰ বহু সমস্যাৰ কথা মন্ত্রীজনক অৱগত কৰি সমাধান কৰাৰ আহ্বান জনাইছিল৷ নির্বাচনৰ সময়ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মংগল আৰু বিজয়ৰ প্রার্থনা জনাই ঘৰত ঘোষা পাঠো কৰাইছিল মাজুলী ৰঙাচাহীৰ নৱজ্যোতি নাথে৷ কালি এই মনৰ মানুহজনকেই অসমৰ মুখ্যমন্ত্রী হিচাপে ঘোষণা কৰাত এই ছাত্র তথা ভাগিনসকল উৎফুল্লিত হৈ পৰাৰ লগতে সন্ধিয়া বন্তি প্রজ্বলন কৰি নতুন মুখ্যমন্ত্রীজনৰ মংগল কামনা কৰে৷ এইকেইজন ভাগিনে কয় যে আমি মামাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মাজুলীৰ উন্নয়নত বিশেষভাৱে গুৰুত্ব দিব, সকলো অপ্রাদেশীকৃত বিদ্যালয় প্রাদেশিকীকৰণ কৰি আমাৰ শিক্ষাগুৰুসকলক উদ্ধাৰ কৰিব, মাজুলীত এখন উন্নতমানৰ ষ্টেডিয়াম নির্মাণৰ ব্যৱস্থা কৰিব৷ আপুনি বিগত সময়ত স্বাস্থ্য, বিত্ত, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী হিচাপে থাকি যিদৰে অসমখনক আগুৱাই নিয়াৰ বাবে নিষ্ঠা আৰু সততাৰে কাম কৰিছিল, এতিয়া মুখ্যমন্ত্রী হিচাপে অসমক দেশৰ ভিতৰতেই শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ প্রযত্ন কৰিব বুলি কৈ নিবনুৱাক সংস্থাপিত কৰা দিশটোৰ প্রতি বিশেষভাৱে গুৰুত্ব প্রদানৰ আহ্বান জনায় এই ছাত্রকেইজনে৷

You might also like