নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান অধিৱেশনতে ছাত্র সন্থাৰ পৰা বিদায় ল’ব সমুজ্জ্বল ভট্টাচার্যই

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ দুলীয়াজানৰ ছলাকটকী খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ব সদৌ অসম ছাত্র সন্থাৰ সপ্তদশ অধিৱেশন৷ ৰাজ্যৰ সামাজিক–ৰাজনৈতিক প্রেক্ষাপটত কেইবাটাও দিশৰ পৰা এই অধিৱেশন গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কিয়নো দুলীয়াজান অধিৱেশনতে সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই সংগঠনটোৰ পৰা বিদায় ল’ব৷

দুলীয়াজান অধিৱেশনতে নতুন প্রজন্মৰ নেতা আছুৰ নেতৃত্বলৈ অহাৰ লগতে বিগত তিনিটা দশক ধৰি সংগঠনটোৰ গুৰিব’ঠা ধৰি অহা ড০ সমুজ্জ্বল ভট্টাচার্যই বিদায় ল’ব৷

লগতে পঢ়কঃ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন, ৪৮ বছৰীয়া হ’ল জুবিন

ইপিনে সদৌ অসম ছাত্র সন্থাৰ পৰৱর্তী সভাপতি হিচাপে বিশ্বনাথৰ প্রজ্ঞান ভূঞা, মৰিগাঁৱৰ উৎপল শর্মা আৰু সাধাৰণ সম্পাদক হিচাপে শিৱসাগৰৰ উদ্দীপজ্যোতি গগৈ আৰু ডিব্রুগড়ৰ শংকৰজ্যোতি বৰুৱাৰ নাম চর্চিত হৈছে৷

You might also like