নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইক্লিঙৰ সজাগতাঃ গুৱাহাটীত বাইচাইকেল এম্বেছাডৰ নিযুক্তি এক্টিভ ম’বিলিটী ফ’ৰামৰ

গুৱাহাটীত ৩১টা ৱার্ডত চাইক্লিঙৰ পৰামর্শদাতা নিযুক্তি

নিয়মীয়া বার্তা, ১৮ নৱেম্বৰঃ গুৱাহাটী মহানগৰবাসীৰ মাজত চাইক্লিঙৰ সজাগতা সৃষ্টিৰ বাবে গঠন কৰা হৈছে গুৱাহাটী এক্টিভ ম’বিলিটী ফ’ৰাম৷ বিশ্বৰ উন্নত দেশসমূহৰ লগতে ভাৰতৰো প্রায়বোৰ মহানগৰত ক্রমান্বয়ে চাইকেল চলোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰীক চাইক্লিঙত ২০৩০ চনৰ ভিতৰত দেশৰ এখন আদর্শ মহানগৰ হিচাপে গঢ়াৰ লক্ষ্য লৈছে এই ম’বিলিটী ফ’ৰামে৷

কালি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক সংবাদমেলত গুৱাহাটীৰ বাইচাইকেল মেয়ৰ আর্চেল আখতাৰে এই কথা সদৰী কৰে৷ সংবাদ মেলত মেয়ৰ আখতাৰে লগতে কয় যে গুৱাহাটীৰ ৩১টা ৱার্ডৰ জনসাধাৰণৰ মাজত চাইক্লিঙৰ সজাগতাৰ বাবে বাইচাইকেল কাউঞ্চিলৰ আৰু বাইচাইকেল এম্বেছাডৰ নিযুক্তি দিয়া মুম্বাই আৰু বাংগালুৰুৰ পাছত দেশৰ তৃতীয়খন মহানগৰ হৈছে গুৱাহাটী৷

এতিয়ালৈকে গুৱাহাটীৰ ৯টা ৱার্ডত বাইচাইকেল কাউঞ্চিলৰ দায়িত্ব দিয়া হৈছে৷ তেওঁলোক ক্রমে ১নং ৱার্ডত আত্রেয় দাস, ৭নং ৱার্ডত গুঞ্জন শর্মা, ১২ নং ৱার্ডত সঞ্জীৱ বৰদলৈ, ১৪নং ৱার্ডত নয়ন মজুমদাৰ, ১৮নং ৱার্ডত সব্যসাচী পাঠক, ২১ নং ৱার্ডত সর্বানী শর্মা, ২৮নং ৱার্ডত অনুপ শইকীয়া, ৩০ নং ৱার্ডত কৃষ্ণেঞ্জা শর্মা আৰু ৩১ নং ৱার্ডত চাৰিক আহমেদ৷ ইয়াৰোপৰি ২নং ৱার্ডত অৰিন্দন বাছাক, ১২নং ৱার্ডত ছাজিদ আলী বাইচাইকেল এম্বেছাডৰ হিচাপে দায়িত্ব দিয়া হৈছে৷

গুৱাহাটী এক্টিভ ম’বিলিটী ফ’ৰামে চাইক্লিং, ৰোড ছেফটি কেম্পেইনকে ধৰি বিভিন্ন ধৰণৰ সজাগতামূলক কাম–কাজ কৰি আহিছে৷ এই ফ’ৰামে চৰকাৰক গুৱাহাটী মহানগৰীত চাইক্লিঙৰ বাবে সুকীয়া ট্রেক নির্মাণ কৰিবলৈও আহ্বান জনাইছে৷ গুৱাহাটী মহানগৰীত চাইক্লিং কৰা লোকৰ সংখ্যা বৃদ্ধি পালে যান–জঁট আৰু প্রদূষণ নিয়ন্ত্রণ হ’ব৷

You might also like