নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ক’ভিডত আক্ৰান্ত ১.৪১লাখ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশত ক’ভিডৰ তৃতীয় লহৰ, শণিবাৰে নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ১,৪১,৯৮৬ জন লোক। ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ভেকচিন প্ৰদান কাৰ্যসূচী জোৰদাৰ কৰিছে। ১৫-১৮ বছৰ বয়সৰ সকলোকো এইবাৰ সামৰি লৈছে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৮৫ জন লোকৰ। উল্লেখনীয় যে, যোৱা শুকুৰবাৰৰ তুলনাত আজি ২১ শতাংশ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। দেশৰ মেট্ৰ’চহৰবোৰত ভয়াৱহভাৱে সংক্ৰমণ হৈছে ভাইৰাছৰ। দিল্লীত নিতৌ ১৫ শতাংশকৈ বাঢ়িছে আক্ৰান্ত। যোৱা ২৪ ঘন্টাত দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে ১৭,৩৩৫ জন। বিভিন্ন চহৰত নৈশ সান্ধ্য আইন আৰু সপ্তাহৰ শেষৰ দিনটোত সান্ধ্য আইন জাৰি কৰা হৈছে। অসমতো মুখ্যমন্ত্ৰীয়ে সংবাদ মেল সম্বোধন কৰি ক’ভিডৰ নতুন প্ৰট’কল ঘোষণা কৰিছে।

You might also like