যুদ্ধকালীন ব্যস্ততা : শংকৰদেৱ সংঘৰ জামুগুৰিহাট অধিৱেশনলৈ ২৮ দিন বাকী
জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীত ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিবেশনলৈ হাতত মাথোঁ আৰু ২৮ দিন বাকী। জ্যেতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সেৱক সেৱিকাসকলৰ এতিয়া অন্তহীন কৰ্মব্যস্ততা।
অধিবেশনস্থলীত ইতিমধ্যেই মূল মণ্ডপৰ কাম ৫০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। পূৰ্বৰ অধিবেশনসমুহৰ মূল মণ্ডপতকৈ এইবাৰৰ মূল মণ্ডপ পৃথক ৰূপত নিৰ্মাণ কৰা হৈছে।জামুগুৰিহাটৰ অধিবেশনৰ মূল মণ্ডপ নিৰ্মাণ কৰা হৈছে প্ৰাকৃতিক উপাদানৰে।
৩২০ ফুট দীঘল আৰু ১২০ ফুট বহল মূল মণ্ডপ নিৰ্মাণ কৰাত ব্যৱহাৰ কৰা হৈছে ৫ হাজাৰোধিক বাহঁ, ২ লাখৰো অধিক খেৰৰ মুঠাৰ লগতে ৬২টা চোৱা গছৰ খুটা। অধিবেশনস্থলীৰ মধ্য স্থানত নিৰ্মান কৰা এই বিশাল মূল মণ্ডপত একেলগে একে সময়তে বহিব পাৰিব ১০ হাজাৰ ৰাইজ।ইতিমধ্যে অধিবেশনস্থলী জ্যেতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত সকলোৰে ব্যস্ততাৰ সীমা নোহোৱা হোৱা পৰিলক্ষিত হৈছে।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশন খনি এইবেলি অনুষ্ঠিত হব শোনিতপুৰ জিলাৰ জামুগুৰিহাটত৷ ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্মীয় অনুষ্ঠান ভাগ জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰীস্হিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক আয়োজন। উদযাপন স্হলীত নিৰ্ম্মান কৰা হৈছে এক সুবিশাল কীৰ্তন গৃহ৷ ডেৰশ ফুট দীঘল আৰু পঞ্চাশ ফুট বহল এই কীৰ্তন গৃহৰ ৯০ শতাংশই নিৰ্মানৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে৷
অহা ১৭ জানুৱাৰীত গুৰু আসন প্ৰতিষ্ঠা কৰা হৱ বুলি আদৰণী সমিতিৰ সম্পাদক বিপুল বৰাই জানিবলৈ দিছে৷ ইয়াকে লৈ এতিয়া শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন উদযাপন সমিতি তথা জামুগুৰিয়া ৰাইজৰ গাত ত’ত নাই । অকল জামুগুৰিহাটেই নে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ৰাইজ আই মাতৃ যুৱক যুৱতী আহি সমন্বয় ক্ষেত্ৰত উপস্হিত হৈ বিভিন্ন কামত লগা পৰিলক্ষিত হৈছে।
অঞ্চলটোৰ লগতে, শোণিতপুৰ, বিশ্বনাথ জিলাৰ উপৰি আন আন জিলাৰ পৰা ৰাইজ আহি অধিবেশন থলীৰ বিভিন্ন শিবিৰ আদি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে । প্ৰতিদিনে অধিবেশন থলীত হিল দল ভাঙি ৰাইজ আই মাতৃ উপস্থিত হৈ শিবিৰ তৈয়াৰ কৰাকে ধৰি স্বতস্ফূত ভাৱে বিভিন্ন কামত লাগি পৰিছে৷ কামৰ মাজে মাজে ৰাইজ, আই মাতৃৰ হৰি নামৰ ধ্বনিয়ে পৰিবেশটোৱেই বৈকুণ্ঠ নগৰী কৰি তোলা পৰিলক্ষিত হৈছে। উপ সমিতি-সমূহে নিজৰ নিজৰ কামত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে।
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ৮ জানুৱাৰী