কাইলৈৰ পৰা বিজনীত বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন
কাইলৈৰ পৰা বিজনীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬৫সংখ্যক বাৰ্ষিক অধিৱেশন। বিজনীৰ বড়োলাউগাঁওস্থিত থেংফাখ্ৰী পথাৰত অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
সুন্দৰ মুকলি মঞ্চ, বৃহৎ পণ্ডেল, প্ৰতিনিধি সভাৰ পেণ্ডলৰ লগতে প্ৰতিনিধি থকাৰ সূকীয়া ব্যৱস্থা, ভজনালয়ৰ বৃহৎ ব্যৱস্থা, প্ৰদৰ্শনী, গ্ৰন্থ মেলা, সকলোবোৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
অধিৱেশনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে নেপাল, বাংলাদেশ, বাৰ্মাৰ পৰাও অতিথি অংশগ্ৰহণ কৰিব।
ইফালে অধিৱেশনৰ অন্তিম দিনা তথা ১১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে হেলিপেড সাজু কৰি তুলিছে আদৰণী কমিটিয়ে।
ডিজিটেল ডেস্ক, ৮ জানুৱাৰী