নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতি বাঘমাৰাত শোৱাপাটীৰ পৰাই নিৰুদ্দেশ এটা পৰিয়ালৰ তিনি সদস্য

নিয়মীয়া বাৰ্তা, ১৫ মে’ : এক আজব কাণ্ড। নিশা খাই-বৈ বিছনাত শুই থকা তিনিজনীয়া পৰিয়ালৰ তিনিওজন সদস্য পুৱাতেই নিখোজ। দক্ষিণ বৰপেটাৰ আলোপতিৰ ২নং বাঘমাৰা চৰত আজি পুৱাতেই বিয়পে এটা পৰিয়ালৰ তিনিজনকৈ সদস্য নিৰুদ্দেশৰ চাঞ্চল্য। চেঙা সমষ্টিৰ আলোপতিচৰ থানাৰ অন্তৰ্গত বাঘমাৰা চৰত একেটা পৰিয়ালৰ পুত্ৰ সন্তানসহ নিখোজ হ’ল দম্পতী। জানিব পৰা মতে গাঁওখনৰ আব্দুল কাদেৰ (৫১), পত্নী জবেদা খাতুন (৪২) আৰু পুত্ৰ শিশু ৰিজোৱান আহমেদ (১২) নিশা নিজৰ শোৱনি কোঠাত নিশাৰ আহাৰ খাই শুইছিল যদিও বিছনাৰ পৰাই নিখোজ হয় তিনিওজন। ব্যৱহাৰ কৰা মোবাইল ফোন পৰ্যন্ত পৰি আছে বিছনাত। বুধবাৰৰ পুৱাতেই এই কাণ্ডক লৈ অঞ্চলজুৰি চাঞ্চল্য বিয়পে। পাছলৈ গাঁওপ্ৰধানে আলোপতি চৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ পোৱা নাই এজনৰো। গাঁওবাসীয়ে জনোৱা মতে ভাই-ককাইৰ মাজত পূৰ্বৰে পৰা মাটি-বাৰীক কেন্দ্ৰ কৰি চলি আছিল কন্দল। পিছে পৰিয়ালটো নিখোজ হোৱাৰ সতে সেই কন্দলৰ সম্পৰ্ক আছে নে নাই, সেয়াহে জানিব পৰা নগ’ল। হয়তো আৰক্ষীৰ তদন্ততহে ফাদিল হ’ব তিনিজনৰ নিৰুদ্দেশৰ প্ৰকৃত ৰহস্য!

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like