নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলিচ ভেৰিফিকেচন অবিহনে চাকৰিত যোগ দিব পাৰিব নিবনুৱাই

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

  • বিশেষভাৱে সক্ষমৰ সংৰক্ষণৰ হাৰ ৩ৰ পৰা ৪ শতাংশলৈ বৃদ্ধি
  • বিশ্ববিদ্যালয়ৰ দৰে গ্রাহ্য হ’ব দূৰশিক্ষাৰ ডিগ্রী–ডিপ্ল’মা
  • আধাৰৰ ভিত্তিত নিয়োগ বিনিময় কেন্দ্রত অনলাইন পঞ্জীয়নৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত অসম মন্ত্রীসভা (কেবিনেট)ৰ বৈঠকে নিমাতীঘাটৰ ফেৰী দুর্ঘটনাৰ তদন্তৰ দায়িত্ব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক অর্পণ কৰে৷ অতিৰিক্ত মুখ্য সচিবগৰাকীক এমাহৰ ভিতৰত তদন্তৰ প্রতিবেদন দাখিলৰ নির্দেশ দিয়াৰ লগতে যোৰহাট আৰক্ষীক ঘটনা সংক্রান্তত এটা ফৌজদাৰী গোচৰ ৰুজু কৰাৰ বাবেও কেবিনেটে নির্দেশ দিয়ে৷

বৈঠকৰ আৰম্ভণিতে নিমাতীঘাটৰ শোকাৱহ দুর্ঘটনাৰ বাবে ১ মিনিট সময় মৌন প্রার্থনা জনাই দুর্ঘটনাটোত অকাল মৃত্যু ঘটা পৰীমিতা দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি মন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমক কয় যে যোৰহাট–মাজুলী সংযোগী দলঙৰ নির্মাণৰ কাম–কাজ প্রতিমাহে পর্যবেক্ষণৰ বাবে কালিৰ কেবিনেটে বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব অর্পণ কৰে৷ সেই অনুসৰি মন্ত্রী নেওগে প্রতিমাহে দলংখন নির্মাণৰ সৈতে জড়িত সংস্থাৰ কাম–কাজ পর্যবেক্ষণ কৰাৰ লগতে নির্ধাৰিত চাৰি বছৰৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ কৰণীয়খিনি আগুৱাই নিয়াত প্রয়োজনীয় সহযোগিতা আগবঢ়াব৷

সেইদৰে নিমাতীঘাট–মাজুলী ফেৰীসেৱাৰ ক্ষেত্রত দুই–এদিনতে মুখ্যমন্ত্রী ড০ শর্মাই বিভাগীয়ভাৱে গ্রহণ কৰা স্থায়ী আৰু ফলপ্রসূ ব্যৱস্থা সম্পর্কে ঘোষণা কৰিব বুলি মন্ত্রী মহন্তই জানিবলৈ দিয়ে৷ আনহাতে ডিমাচা নেচনেল লিবাৰেচন আর্মী চমুকৈ ডি এন এল এৰ তৰফৰ পৰা একপক্ষীয়ভাৱে ঘোষণা কৰা ছমাহৰ যুদ্ধবিৰতিৰ প্রতি সঁহাৰি জনাই আজিৰ কেবিনেটে চৰকাৰৰ তৰফৰ পৰা এমাহৰ বাবে সংগঠনটোৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান নচলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে এইক্ষেত্রত সংগঠনটোৰ সদস্যসকলে অস্ত্র–শস্ত্র লৈ ঘূৰা–ফিৰা কৰিব নোৱাৰিব আৰু ক’তো ধন দাবী আদি কৰিব নোৱাৰিব বুলি চর্ত বান্ধি দিয়ে৷ সেইদৰে নিবনুৱা যুৱক–যুৱতীয়ে চাকৰি লাভ কৰাৰ পিছত পুলিচ ভেৰিফিকেচনৰ বাবে বহু দিন অপেক্ষা কৰিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত আজিৰ কেবিনেটে এতিয়াৰে পৰা চাকৰিত যোগদানৰ ক্ষেত্রত পুলিচ ভেৰিফিকেচন ব্যৱস্থা প্রত্যাহাৰ কৰে৷ ইয়াৰ সলনি চাকৰি লাভ কৰাসকলে ক’ট এফিডেফিটযোগে ছেল্ফ ডিক্লাৰেচন দিলেই হ’ব৷ চৰকাৰে সেই নথিক সত্য নথি হিচাপে গ্রহণ কৰিব আৰু সেই নথি সংশ্লিষ্ট বিভাগৰ অথবা পার্ছনেল বিভাগৰ ৱেবছাইটত উপলব্ধ হ’ব৷ কোনোবাই ভুল তথ্য দিলে তেওঁলোকক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ লগতে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ একেদৰে নিয়োগ বিনিময় কেন্দ্রত নিবনুৱাৰ নাম পঞ্জীয়নৰ ক্ষেত্রতো আজিৰ কেবিনেটে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷

সেই অনুসৰি এতিয়াৰে পৰা আধাৰৰ ভিত্তিত নিবনুৱাসকলে অনলাইনযোগে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিব পাৰিব৷ যিসকলৰ আধাৰ কার্ড নাই তেওঁলোকক অহা ৩১ মার্চ পর্যন্ত ৰেহাই দিয়া হৈছে৷ তেওঁলোকে নিয়োগ বিনিময় কেন্দ্রলৈ গৈ নাম পঞ্জীয়ন কৰিব লাগিব৷ অৱশ্যে ২০২২ চনৰ ১ এপ্রিলৰ পৰা নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন আধাৰ কার্ডৰ ভিত্তিত সম্পূর্ণৰূপে অনলাইন হ’ব৷ ইপিনে আজিৰ কেবিনেটে চৰকাৰী নির্মাণ কার্যত ব্যৱহূত সম্পদৰ বাবে বন বিভাগক দিবলগীয়া ৰয়েল্টীৰ ধন এতিয়া কামৰ শেষত ঠিকাদাৰৰ বিলৰ পৰা কর্তনৰ প্রস্তাৱত অনুমোদন জনায়৷ কাম খৰতকীয়া কৰাৰ বাবে এই সিদ্ধান্ত লোৱাৰ বিষয়ে জানিবলৈ দি মন্ত্রী মহন্তই কয় যে ব্যক্তিগত খণ্ডৰ নির্মাণৰ ক্ষেত্রত চহৰ অঞ্চলত গৃহ নির্মাণৰ অনুমতি লোৱাৰ সময়ত চাৰিটা সমান কিস্তিত ৰয়েল্টীৰ ধন আদায় দিব লাগিব৷ গ্রামাঞ্চলত নির্মাণৰ ক্ষেত্রত বর্তমানৰ ব্যৱস্থাই বাহাল থাকিব৷

সেইদৰে কালিৰ কেবিনেটে বিশেষভাৱে সক্ষমসকলৰ ক্ষেত্রত সংৰক্ষণৰ হাৰ তিনি শতাংশৰ পৰা চাৰি শতাংশলৈ বৃদ্ধি কৰে৷ চাকৰি, পদোন্নতিৰ ক্ষেত্রত এই সংৰক্ষণ প্রযোজ্য হ’ব৷ একেদৰে এতিয়াৰে পৰা দূৰশিক্ষাৰ ডিগ্রী, ডিপ্ল’মা, চার্টিফিকেট বিশ্ববিদ্যালয়ৰ ডিগ্রী, ডিপ্ল’মা, চার্টিফিকেটৰ সমানে গ্রাহ্য কৰা সম্পর্কতো কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ অনুৰূপ ধৰণে আজিৰ কেবিনেটে কৃষি বিভাগৰ ‘আছাম ষ্টেট অর্গেনিক এজেঞ্চী’ৰে স্বীকৃতি দিয়ে৷

আনহাতে কালিৰ কেবিনেটে ৰাজ্যজুৰি মেগা ভেকচিন অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি প্রতিগৰাকী অভিভাৱক মন্ত্রী আৰু অভিভাৱক সচিবক নিজ নিজ দায়িত্বপ্রাপ্ত জিলালৈ গৈ অতি কম সময়ৰ ভিতৰতে ব্যাপক ৰূপত ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷

You might also like