নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত ফটো লৈ সতিনীক বিচাৰি সতিনীৰ হাহাকাৰ

🔹 সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

বিশেষ বাৰ্তা, ২০ এপ্ৰিল : হাতত ফটো লৈ ৰাস্তাই ৰাস্তাই সতিনীক বিচাৰি সতিনীৰ হাহাকাৰ। ‘মালেকা তুমি ক’ত আছা, তোমাক বিচাৰি কান্দি ফুৰিছোঁ, বাচ্চাটোৱেও কান্দিছে, তুমি আহা, আমি একেলগে থাকিম। দুই ভনীৰ নিচিনা থাকিম।’- ৰাজপথত সতিনীক বিচাৰি সতিনীৰ এই কাতৰ আহ্বান। এই ঘটনা সংঘটিত হৈছে নাওবৈচাত। নাওবৈচাৰ ২নং কৰুণাবাৰীৰ আমছৰ আলীৰ ২য় পত্নী মালেকা খাতুন যোৱা প্ৰায় ২০ দিন ধৰি নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশ সন্দৰ্ভত লালুক আৰক্ষী চকীত অৱগত কৰিছে যদিও আৰক্ষীৰ আশাত বহি নাথাকি হাতত ফটো লৈ মালেকাক বিচাৰি ফুৰিছে সতিনীয়ে। এটি সন্তানৰ মাতৃ মালেকাক বিচাৰি উপায়হীন হৈ সংবাদ মাধ্যমৰো কাষ চাপিছে দম্পতীটো। লগতে সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ নগদ পুৰস্কাৰো ঘোষণা কৰিছে।

You might also like