নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাপাহাৰ আৰু এমএমচিক লৈ গুৱাহাটীত আৰু এখন চিকিৎসা মহাবিদ্যালয়, স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ বিশ্বনাথ, চৰাইদেউ আৰু গোৱালপাৰাত আৰম্ভ কৰিবলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটীতো নিৰ্মাণ কৰা হ’ব আন এখন চিকিৎসা মহাবিদ্যালয়। এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় কালাপাহাৰ টিবি চিকিৎসালয় আৰু মহেন্দ্ৰমোহন চিকিৎসালয়ক লগ লগাই গুৱাহাটীত নিৰ্মাণ কৰা হ’ব ।

এই কথা আজি জনতা ভৱনত সম্বোধন কৰা এখন সংবাদ মেলত ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা ডিচেম্বৰত কাম আৰম্ভ কৰিবলগীয়া চিকিৎসা মহাবিদ্যালয়খনক পূৰ্ব ভাৰতৰ এখন অনন্য চিকিৎসা মহাবিদ্যালয় ৰূপে গঢ়ি তোলা হ’ব। এই চিকিৎসা মহাবিদ্যালয়ৰ বাবে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰক সন্মুখত ৰাখি নিৰ্মাণ কৰা হ’ব ১২ মহলীয়া অট্টালিকা। অসম চৰকাৰে ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবে পুঁজি অনুমোদন কৰিছে।

You might also like