নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭–১৫ লাখ টকা লৈ দিছিল মণ্ডল–গাঁওবুঢ়াৰ নিযুক্তিঃ জেৰাৰ সন্মুখীন হ’ব তদানীন্তন উপায়ুক্ত আতিকা চুলতানা

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ প্রশাসনিক দায়িত্বত থাকি মুকলি লুণ্ঠন চলাই নিলম্বিত হোৱা এ ডি চি ছাইবুৰ ৰহমানৰ পুনৰ ন ন কু–কীর্তিৰ তথ্য পোহৰলৈ আহিছে৷ ধুবুৰী জিলাত অতিৰিক্ত উপায়ুক্ত হৈ থকা অৱস্থাত এইজন ছাইবুৰ ৰহমানে ধনৰ বিনিময়ত নিযুক্তি দিছিল গাঁওবুঢ়া আৰু মণ্ডলক৷ কোনোধৰণৰ পৰীক্ষা অথবা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰি একোজন গাঁওবুঢ়া–মণ্ডলৰ পৰা নিযুক্তিৰ নামত আদায় কৰিছিল ৭–১৫ লাখ টকালৈ৷

উল্লেখ্য যে আয়ৰ বহির্ভূত সম্পত্তি আহৰণ কৰি ইতিমধ্যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ জালত পৰা ছাইবুৰ ৰহমানে তেওঁৰ দুয়োগৰাকী পত্নীৰ নামত ৰাজ্যৰ ভিন্ন প্রান্তত গঢ়ি তুলিছিল বিশাল সম্পত্তি৷ গুৱাহাটী মহানগৰীতেই কেইবাটাও স্থানত ক্রয় কৰিছিল ভূমি৷ ইতিমধ্যে নিলম্বিত বিষয়াজনৰ সম্পত্তিৰ তালিকা প্রস্তুত কৰি তোলা তদাৰকী শাখাই শেহতীয়াকৈ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হৈ থকা অৱস্থাত কিদৰে ছাইবুৰ ৰহমানে নিযুক্তিৰ নামত ধন আহৰণ কৰিছিল, তাৰ তথ্য পোহৰলৈ আনিছে৷ প্রায় ৭৮জন গাঁওবুঢ়া–মণ্ডলক নিযুক্তি দিয়া ছাইবুৰ ৰহমানে এই নিযুক্তিৰ নামত জিলা উপায়ুক্তগৰাকীকো মেনেজ কৰিবলৈ সক্ষম হৈছিল৷ উদ্ধাৰ হোৱা এনে তথ্যৰ ভিত্তিতে এতিয়া তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক জেৰা কৰাৰ সম্ভাৱনা আছে৷

You might also like