নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা সমস্যা সমাধানৰ নতুন বাট

সদিচ্ছা, আগ্রহ আৰু সততা থাকিলে অসম্ভৱ যেন লগা বহু সমস্যাৰ সমাধান ভবাতকৈ উজু হৈ পৰে৷ কথাটো উত্তৰ–পূবৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্রতো খাটে বুলি ক’ব পাৰি৷ বিগত সময়ছোৱাত অসমৰ কোনো এখন ৰাজ্য চৰকাৰে সমস্যাটো সমাধানৰ বাবে আন্তৰিকতাৰে পদক্ষেপ গ্রহণ নকৰিলে৷ পৰাপক্ষত ইয়াৰ পৰা নিজকে আঁতৰাই ৰখাৰ চেষ্টাহে চলালে৷ অনুৰূপ ধৰণে সাতভনীৰ আন ৰাজ্যকেইখনৰ পৰাও ফলপ্রসূ উদ্যোগ গ্রহণ কৰা নহ’ল৷ কিন্তু আঁতৰি থাকিলে জানো সমস্যাৰ সমাধান ঘটিব? এদিন নহয় এদিন সমস্যাটোৰ সমাধানৰ উদ্যোগ ল’বই লাগিব৷ নহ’লে ভৱিষ্যৎ প্রজন্মই কাকোৱেই ক্ষমা নকৰিব৷ তদুপৰি অঞ্চল এটাৰ জনগণক সংঘাতৰ পৃথিৱী এখন চিৰদিনৰ বাবে এৰি থৈ যাবও নোৱাৰি৷ সকলোৱে জানে, অসমৰ সীমা সমস্যা মাথোঁ সীমান্তত পুতি থৈ দিয়া কেইডালমান খুঁটিতে সীমাবদ্ধ হৈ থকা নাই৷ ই কেতিয়াবাই সংঘাতৰ ৰূপ পৰিগ্রহ কৰিছে৷ বিগত সময়ছোৱাত নাগালেণ্ড, মিজোৰামকে ধৰি আন্তঃৰাজ্যিক সীমান্তত বহুবাৰ ৰক্তাক্ত সংঘাত সৃষ্টি হৈছে৷ প্রতিবাদী কার্যসূচী ৰূপায়ণ হৈছে৷ এইবোৰে ৰাজ্যকেইখনৰ নাগৰিকৰ মনৰ মাজত দূৰত্ব বৃদ্ধি কৰি আহিছে৷ তদুপৰি প্রতিৱেশী ৰাজ্য হিচাপে সাতভনীৰ ৰাজ্যকেইখনৰ জনগণৰ সম্পর্কত থাকিবলগীয়া সহজ, মুকলি আৰু দ্বিধাহীন পৰিৱেশতো হেঙাৰ সৃষ্টি হয়৷ ইয়াক জানো চিৰকাললৈ জীয়াই ৰখা উচিত? ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী ৰূপে কার্যভাৰ গ্রহণ কৰাৰ পাছত পূর্বৰ চৰকাৰসমূহে যোৱা পথেৰে নগৈ সমস্যাটোক সমাধানৰ বাবে কার্যকৰী পদক্ষেপ গ্রহণৰ পথ ল’লে৷ সন্দেহ নাই, এদিনতে সমস্যাটোৰ সমাধানৰ পথ ওলাই নাযায়৷ ইয়াৰ বাবে ধৈর্য আৰু সংযমৰ প্রয়োজন হ’ব৷ কিন্তু নতুন চৰকাৰখনে গ্রহণ কৰা পদক্ষেপৰ ধৰাতলত প্রভাৱ দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ বিগত ছমাহত সীমা সমস্যা সমাধানৰ দিশে অসম আৰু মেঘালয় চৰকাৰ কিছুদূৰ আগুৱাই গৈছে৷ পূর্বৰ কোনো এখন চৰকাৰৰ কার্যকালত সীমা সমস্যা সমাধানৰ অর্থে এনে ধৰণৰ পদক্ষেপ গ্রহণ কৰাৰ নজিৰ পাবলৈ নাই৷ দেখা গৈছে, সীমা সমস্যা সমাধানত দুয়োখন চৰকাৰ সমানেই আগ্রহী৷ ইয়াৰ প্রতিফলন ঘটিছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ৰ শেহতীয়া সীমান্তৱর্তী অঞ্চল ভ্রমণত৷ সীমা সমস্যাৰ সমাধান বিচাৰি এইদৰে দুখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে একেলগে সীমান্তৱর্তী অঞ্চল ভ্রমণ কৰা আৰু সীমান্তত বসবাস কৰা জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ উদাহৰণ ভাৰতবর্ষৰ ইতিহাসতে বিৰল৷
অসম–মেঘালয় সীমা সমস্যা সমাধানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপৰ সুদূৰপ্রসাৰী প্রভাৱ পৰিব অসমৰ আন ৰাজ্যৰ সৈতে বিৰাজমান সীমা সমস্যা সমাধানত৷ প্রতিৱেশী ৰাজ্যকেইখনে শ্বিলং আৰু দিছপুৰে গ্রহণ কৰা ফর্মুলাক নিশ্চয় দৃষ্টি নিদিয়াকৈ থকা নাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানত প্রথমে তুলনামূলকভাৱে কম জটিল অঞ্চলসমূহক বাছনি কৰি লৈছে৷ অর্থাৎ প্রথম পর্যায়ত তুলনামূলকভাৱে সহজে সমাধান কৰিব পৰা বিবদমান অঞ্চল হাতত লৈ পাৰস্পৰিক বিশ্বাস আৰু আস্থাৰ ভেটিটো শক্তিশালী কৰি ল’ব বিচাৰিছে৷ যাতে সেই ভেটিটোত থিয় দি জটিল বিবদমান অঞ্চলসমূহৰো সমাধান সূত্র উলিয়াই ল’ব পাৰি৷ তদুপৰি সীমা সমস্যা সমাধানত জনসাধাৰণক প্রত্যক্ষভাৱে জড়িত কৰি লোৱা হৈছে৷ জনসাধাৰণৰ মতামত সাপেক্ষেহে সলনি হ’ব অঞ্চলসমূহৰ মানচিত্র৷ দিছপুৰ অথবা শ্বিলঙত বহি মানচিত্র সলনি কৰা নহয়৷ তাৰ বাবে দুয়োখন চৰকাৰে মন্ত্রীৰ নেতৃত্বত কেইখনমান আঞ্চলিক সমিতি গঠন কৰিছে৷ সমিতিকেইখনে ইতিমধ্যে সীমান্তৰ কেইবাটাও অঞ্চললৈ গৈ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণৰ মতামত গ্রহণ কৰিছে৷ সমিতিকেইখনে ৩০ নৱেম্বৰৰ ভিতৰত নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্রীৰ হাতত প্রতিবেদন দাখিল কৰাৰ কথা৷ সেই প্রতিবেদনৰ ভিত্তিত ৩১ ডিচেম্বৰৰ ভিত্তিত চূড়ান্ত প্রতিবেদন প্রস্তুত হ’ব৷ অর্থাৎ ৩১ ডিচেম্বৰৰ ভিতৰত অসম আৰু মেঘালয়ৰ ১২টা বিবদমান অঞ্চলৰ ছটাৰ সমাধান হৈ যাব বা হোৱাৰ পথ প্রশস্ত হৈ পৰিব৷ ৩১ ডিচেম্বৰৰ ভিতৰত যদি অসম–মেঘালয় সীমা সমস্যাৰ শান্তিপূর্ণ সমাধান হয়, সেইটো বাটেৰে সমাধানৰ বাট বিচাৰি অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ দৰে ৰাজ্য নিশ্চয় আগবাঢ়ি আহিবলৈ অনুপ্রাণিত হ’ব৷ তিনিওখন ৰাজ্যৰ সৈতে অসমৰ সীমা সমস্যা সমাধান হোৱাটো জৰুৰী৷ বিগত সময়ছোৱাত সর্বাধিক হিংসা, সর্বাধিক প্রতিবাদ, সর্বাধিক অশান্তি তিনিওখন ৰাজ্যৰ সীমান্তত সংঘটিত হৈছে৷ সীমা সংকটে কেউখন ৰাজ্যৰ নাগৰিকৰ মাজত থকা সহজ সম্পর্কক মাজে মাজে আঘাত কৰে৷ উত্তৰ–পূবৰ ৰাজ্যকেইখনক অনন্তকাললৈ সংঘাত আৰু অশান্তিৰ বাটটোৰে নি থকাটো উচিত নহ’ব৷ অসম চৰকাৰে গ্রহণ কৰা শেহতীয়া পদক্ষেপে এটা নতুন বাটৰ সন্ধান দিব বুলি আশা কৰিব পাৰি৷

You might also like