নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বগা চাউলৰ ক’লা ব্যৱসায়ীৰ ঘাটি উৎখাতঃ ৫০ কুইণ্টল চোৰাং চাউল জব্দ

নিয়মীয়া বাৰ্তা, ৩০ জুন : ৰাজ্যত বগা চাউলৰ কলা ব্যৱসায় অব্যাহত আছে।আজি মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত প্ৰায় ৫০ কুইণ্টল চোৰাং চাউল জব্দ কৰে।উল্লেখ যে লাহৰীঘাট থানাৰ অন্তৰ্গত বৰখাৱল গাঁৱৰ হাবিবুৰ ৰহমান বাসগৃহত অভিযান চলাই ৯৬ বেগ সমৱায়ৰ চাউল উদ্ধাৰ কৰে আৰক্ষীয়ে।আৰক্ষীৰ দলে এজনক আটক কৰি থানাত সোধপোছ অব্যাহত ৰাখিছে।কৰ পৰা ইমান বেগ চাউল হবিবুৰৰ বাসগৃহত আহিল সেয়া ৰহস্যৰ আবৰ্তত।বৰ্তমান সময়ত লাহৰীঘাট আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে বগা চাউলৰ কলা ব্যৱসায়ীৰ লগত জড়িত এজনক আটক কৰিছে যদিও মূল অভিযুক্ত হাবিবুৰ ৰহমানক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰেৰক আবুল কালাম

You might also like