নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ অগপৰ জ্যেষ্ঠ নেতাৰ

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : শুকুৰবাৰে নতুন দিল্লীত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ছোৱাত অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদদ্বয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰীও উপস্থিত থাকে।

এই সাক্ষাতৰ সময়ছোৱাত অগপ দলটোৰ জ্যেষ্ঠ নেতাসকলে শেহতীয়া অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদসহ এনডিএ-ৰ প্ৰাৰ্থীৰ সমৰ্থনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বলিষ্ঠ ভূমিকাৰে চলোৱা প্ৰচাৰ অভিযান আৰু অকুণ্ঠ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁৰ সবল ভূমিকাই মিত্ৰজোঁটৰ শক্তি আৰু আত্মবিশ্বাসক এক নতুন গতি প্ৰদান কৰিছে বুলি প্ৰকাশ কৰে। লগতে সাক্ষাৎকালত ৰাজ্যখনৰ উন্নয়ন আৰু শেহতীয়া ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভতো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ সৈতে আলোচনা কৰে।

You might also like