নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত অৰ্ধনগ্ন অৱস্থাত এজনৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

ডিজিটেল ডেস্ক, ৫ এপ্ৰিল : দুধনৈৰ মাজমজিয়াত আজি এক জঘন্য কাণ্ড সংঘটিত হৈছে। দুধনৈ দৈনিক বজাৰত থকা সমবায় সমিতি কাৰ্যালয়ৰ সন্মুখত অৰ্ধনগ্ন পুৰুষৰ এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ​পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে।

নিহত ব্যক্তিগৰাকী দুধনৈ নদীৰ পাৰত বসবাস কৰা বাটচু ৰাহা বুলি চিনাক্ত কৰা হৈছে। ঘৰ দুধনৈ শান্তি নগৰত। ঘটনাৰ খবৰ পোৱাৰ লগে লগে দুধনৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৃতদেহটো বহু দূৰৰ পৰা চোঁচৰাই আনি দোকানৰ সন্মুখত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। লোকজনক ইটা, লাঠীৰে প্ৰহাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷

You might also like