যুদ্ধৰ মাজতেই পাকিস্তানক ঋণ পৰিশোধৰ নির্দেশ আমীৰশ্বাহীৰ
ডিজিটেল ডেস্ক, ৫ এপ্রিল : পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতে এইবাৰ পাকিস্তানক ঋণৰ ধন ওভতাই দিবলৈ ক’লে সংযুক্ত আৰব আমীৰশ্বাহীয়ে৷
জানিব পৰা মতে, প্রায় ২০০ কোটি ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত ১৯ হাজাৰ কোটি টকা) ওভতাই দিবলৈ কোৱা হৈছে ইছলামাবাদক৷ সেই টকা ওভতাই দিবলৈ ৰাজী হৈছে পাকিস্তান৷ এপ্রিলৰ শেষৰফালে এই ঋণ ইছলামাবাদে ওভতাই দিব বুলি জানিব পৰা গৈছে৷ বৈদেশিক লেনদেনৰ ভাৰসাম্য ৰক্ষাত পাকিস্তানক সাহায্য কৰিবলৈ এই ঋণ দিছিল সংযুক্ত আৰব আমীৰশ্বাহীয়ে৷ এই ঋণৰ ম্যাদ বিগত সময়ছোৱাত কেইবাবাৰো পুনৰ নৱীকৰণ কৰা হৈছে৷ কিন্তু এতিয়া আমেৰিকা–ইৰান যুদ্ধৰ ফলত সমগ্র পশ্চিম এছিয়াত এক অস্থিৰতাৰ সৃষ্টি হৈছে৷ আক্রমণৰ লক্ষ্য হৈ পৰিছে সংযুক্ত আৰব আমীৰশ্বাহীও৷
এনে অৱস্থাত ইছলামাবাদৰ পৰা ঋণৰ টকা ওভতাই বিচাৰিছে আবুধাবিয়ে৷ পাকিস্তানী সংবাদ–পত্রত প্রকাশিত প্রতিবেদন মতে আবুধাবিৰ পৰা লোৱা এই ঋণ ষ্টেট বেংক অৱ পাকিস্তানত জমা হৈ আছে৷ সংযুক্ত আৰব আমীৰশ্বাহীৰ দাবী মানি চলিত মাহৰ শেষৰফালে এই ঋণ ওভতাই দিয়া হ’ব৷