নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ এপ্ৰিল : ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ফলিমাৰী বজাৰত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক গো-মাংসসহ এজনক আটক কৰে।
জানিব পৰা মতে, ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত চলা সেই অভিযানটোত আৰক্ষীৰ দলটোৱে প্ৰায় ১১ কিলোগ্ৰাম সন্দেহজনক গো-মাংসসহ ছাহজাহান আলী নামৰ এজন ব্যক্তিক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।
কুন্তিৰচৰৰ বাসিন্দা আলীয়ে দীৰ্ঘদিন ধৰি ফলিমাৰী বজাৰৰ এখন দোকানৰ পৰা গো-মাংসৰ ব্যৱসায় চলাই থকাৰ এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলোৱা বুলি প্ৰকাশ।