আপুনি কিমান ডাঙৰ জোতা দেখিছে, নিশ্চয় ৫, ৬, ৭ অথবা ১০ নম্বৰ জোতা দেখিছে। ডেৰ ফুট দীঘল এপাট জোতাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, নাহৰকটীয়াত উদ্ধাৰ হোৱা এপাট অসাধাৰণ জোতাই এতিয়া ব্যাপক কৌতূহলৰ লগতে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
নাহৰকটীয়াৰ জাগুণ গাঁৱৰ ঘটনা এয়া। গাঁওখনৰে ৰাকেশ দাস আৰু তেওঁৰ ভাতৃয়ে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ কৰে লেডাৰৰ এইপাত প্ৰকাণ্ড জোতা। তাৰ পিছৰে পৰা এইপাট জোতাক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে নাহৰকটীয়াৰ জাগুণ গাঁৱত। The Great Khaliৰ ভৰিতকৈও প্ৰকাণ্ড জোতাপাট ক’ৰ পৰা কেনেকৈ আহিল, তাকে লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক চৰ্চা। জোতাপাট চাবলৈ গাঁওখনত ভিৰ কৰিছেহি বহু লোকে।
একাংশই চৰ্চা কৰিছে- এয়া হ’ব পাৰে ৰজাদিনীয়া জোতা। অৱশ্যে জোতাযোৰৰ নিৰ্মাণশৈলীলৈ চাই এনে সম্ভাৱনা কম। আশা কৰা হৈছে- ৰাজ্যৰ পুৰাতত্ত্ব বিভাগে অধিক অনুসন্ধান কৰিলে ক’ৰ পৰা কেনেকৈ এই জোতাপাট আহিল, তাৰ ওলাব প্ৰকৃত উত্তৰ।