নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত বিশেষ ভূমি বন্দৱস্তিৰ পত্ৰ বিতৰণ বিধায়ক তৰংগ গগৈৰ

ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ‘মিছন বসুন্ধৰা ৩.০’ৰ অধীনত শুকুৰবাৰে নাহৰকটীয়া বিধানসভা সমষ্টিত  বিশেষ ভূমি বন্দৱস্তিৰ পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ধেমাজিত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ভূমি বন্দৱস্তিৰ পত্ৰ বিতৰণ অনুষ্ঠান ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰাৰ অন্তত নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত আয়োজিত অনুষ্ঠানত ৯২নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২৯৫০জন খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ লগতে চৰকাৰী প্ৰতিষ্ঠান আৰু ধৰ্মীয় প্ৰতিষ্ঠানক  চৰকাৰী নীতি অনুসৰি ভূমিৰ অধিকাৰ প্ৰদান কৰা হয়।

SVAMITVA আঁচনিৰ অধীনত জৰীপ সম্পন্ন হোৱা পূৰ্বৰ এন চি (Non-Cadastral) গাঁওসমূহৰ বাসিন্দাসকলকো ভূমি বন্দৱস্তিৰ ডিজিটেল পট্টা, আবণ্টন বন্দৱস্তি পত্ৰ আৰু প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আনুষ্ঠানিকভাৱে এই পত্ৰসমূহ বিতৰণ কৰে। এই পদক্ষেপৰ জৰিয়তে দীৰ্ঘদিন ধৰি নিজৰ ভূমিৰ আইনী নথিৰ পৰা বঞ্চিত হৈ থকা গ্ৰাম্য অঞ্চলৰ লোকসকলে এতিয়াৰে পৰা ভূমিৰ স্থায়ী স্বত্ব লাভ কৰিবলৈ সক্ষম হ’ব।

এই ভূমিপট্টা বিতৰণ অনুষ্ঠানত নাহৰকটীয়াৰ সমজিলা আয়ুক্ত বিৰাজ বৰুৱা, সহকাৰী আয়ুক্ত সেউজ সজীৱ নাথ, ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ, বিজেপিৰ নাহৰকটীয়া মণ্ডলৰ সভাপতি জেমছ গগৈ, জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতাকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি বিধায়ক তৰংগ গগৈয়ে চৰকাৰৰ এই পদক্ষেপক ঐতিহাসিক আখ্যা দি  ডিজিটেল পট্টা প্ৰদানৰ ফলত ভূমি সংক্ৰান্তীয় জটিলতা হ্ৰাস পাব আৰু ৰাইজে চৰকাৰী ঋণ তথা অন্যান্য সুবিধা লাভত সহজ হ’ব বুলি উল্লেখ কৰে।

বিশেষ বার্তা, নাহৰকটীয়া, ২৭ ফেব্ৰুৱাৰী :
You might also like