নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতি ধৰ্মপুৰত বুজন পৰিমাণৰ গাঞ্জাসহ আৰক্ষীৰ জালত এজন

বৰপেটাত গাঞ্জাৰ বিৰুদ্ধে আলোপতিচৰ আৰক্ষীৰ সফল অভিযান । যোৱানিশা গাঞ্জাৰ বিৰুদ্ধে আলোপতিচৰ আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় চাৰি কেজি ছশ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় |

গোপন খবৰৰ ভিত্তিত আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত ধৰ্মপুৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰাৰ উপৰি বিল্লাল হুছেইন নামৰ ব্যৱসায়ীজনকো আটক কৰে |

উল্লেখ্য যে বিল্লাল হুছেইনে দীৰ্ঘদিনৰে পৰা অবৈধ গাঞ্জা ব্যৱসায় কৰি থকা বুলি ব্যক্ত কৰিছে আৰক্ষীয়ে। ধৃত গাঞ্জা ব্যৱসায়ীজনক আৰক্ষীয়ে জে’ল-হাজোতলৈ প্ৰেৰণৰ দিহা কৰে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৭ ফেব্ৰুৱাৰী :

You might also like