নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ বিদ্যাত ভালেই দেখা যায়৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
বৃষঃ কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাত চেষ্টাৰ সুফল পাব৷ ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
মিথুনঃ অস্থিৰতা পাৰিলে বর্জন কৰক৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷ ঘৰুৱা চিন্তা থাকিব৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৮৷
কর্কটঃ কর্মক্ষেত্রত উৎসাহ লাভ৷ কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃতও হ’ব পাৰে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷
সিংহঃ উৎসাহপূর্ণ আনন্দ৷ মুকলি পৰিৱেশ৷ ঘৰুৱাতো ভালেই৷ আর্থিকত নতুন সুযোগ–আশা৷ বন্ধুৰ পৰা সুখ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কন্যাঃ মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ বাকী বিষয়ত ভালেই৷ দূৰ ভ্রমণ ৰাখক৷ সু–সংবাদ লাভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
তুলাঃ শাৰীৰিক কিছু উন্নত৷ যোগ্য ব্যক্তিৰ মান–সন্মানপ্রাপ্তিৰ মৃদু আভাষ৷ ৰাজহুৱা কামতো তদ্রুপ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
বৃশ্চিকঃ পঢ়াত মধ্যম ফল পাব৷ কর্মস্থানত ভালেই দেখা যায়৷ স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব৷ আর্থিকত ব্যয়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷
ধনুঃ ব্যৱহাৰিক ক্ষেত্রত আপোনাৰ দক্ষতা থাকিব৷ বাকী দিশ মোটামুটি ভালেই দেখা যায়৷ ব্যৱসায়ীৰ উন্নতিৰ আশা আছে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
মকৰঃ পূর্বদিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ৷ মানসিক অযথা চিন্তাক নিয়ন্ত্রণ কৰক৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
কুম্ভঃ বন্ধু–বর্গৰ উৎসাহ পাব৷ বুদ্ধিজীৱী তথা সংস্কৃতিপ্রেমীৰ অনুকূল৷ দাম্পত্যত বুজাপৰাৰ অভাৱ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৭৷
মীনঃ সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷

You might also like