নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ মহামায়া মন্দিৰত পৰম্পৰাগত ৰীতি-নীতিৰে শাৰদীয় দুৰ্গোৎসৱ

নিয়মীয়া বাৰ্তা, গৌৰীপুৰ, ২৮ ছেপ্টেম্বৰ : গণশিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত অসমবাসীৰ লগতে ধুবুৰী জিলাবাসী ৰাইজো শোকত ম্ৰিয়মাণ হৈ পৰা দেখা গৈছে। এইবেলি জুবিনবিহীন ৰাজ্যখনত ম্লান পৰিছে শাৰদীয় দুৰ্গোৎসৱ। দুখৰ মাজতেই আজি ধুবুৰী জিলাৰ ঐতিহাসিক গৌৰীপুৰ চহৰত থকা ৰজাদিনীয়া মহামায়া মন্দিৰত ষষ্ঠীৰ বেলবৰণেৰে আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ।

মন কৰিবলগীয়া যে ধুবুৰীৰ ৰজাদিনীয়া গৌৰীপুৰ চহৰত অৱস্থিত মহামায়া মন্দিৰত মহালয়াৰ পিছদিনাৰ পৰাই শাৰদীয় উৎসৱ দুৰ্গাপূজা আৰম্ভ হৈছে। গৌৰীপুৰ ৰাজ পৰিয়ালৰ এই দুৰ্গাপূজা গৌৰীপুৰ মহামায়া মন্দিৰত ৪০০ বছৰৰো অধিক সময় ধৰি চলি আছে। গৌৰীপুৰ মহামায়া মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ সুপৰিচালনাত আজিও সেই ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ আছে। গৌৰীপুৰৰ ৰাইজেও এইক্ষেত্ৰত গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্যসকলক সহায়-সহযোগিতা আগবঢ়াই গৌৰীপুৰ মহামায়া মন্দিৰৰ দুৰ্গাপূজাত অংশগ্ৰহণ কৰি পূজা-অৰ্চনা, সেৱা জনাই আহিছে।

ইপিনে, মহালয়াৰ পিছদিনা পুৱা ৭ বজাত গৌৰীপুৰৰ মা মহামায়া স্থায়ী মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি কুঁহিলাৰে নিৰ্মিত দুৰ্গা দেৱীৰ প্ৰতিমা গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুৰ্গা মন্দিৰলৈ লৈ আনি তাতে স্থাপন কৰা হয়। মহালয়াৰ পিছদিনা অৰ্থাৎ প্ৰতিপদ তিথিত আৰম্ভ হোৱা গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুৰ্গাপূজাৰ ৰাজপুৰোহিত অৰূপলোচন চক্ৰৱৰ্তী, গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ লগতে গৌৰীপুৰৰ ভক্তিপ্ৰাণ ৰাইজে সমদল কৰি গৌৰীপুৰৰ মা মহামায়াৰ স্থায়ী মন্দিৰৰ পৰা দেৱীক গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুৰ্গা মন্দিৰলৈ লৈ আনে।

উল্লেখযোগ্য যে ১৬ শতিকাৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক দুৰ্গাপূজাক ১৮৫০ চনৰ পৰা গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱাই তেওঁৰ ৰাজধানী ৰাঙামাটিৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰিত কৰিছিল। সেই সময়ত ৰজাই কুল দেৱীক লগত লৈ আনিছিল। গৌৰীপুৰত গোটেই বছৰ কুলদেৱী হিচাপে মহামায়া পূজিত হ’লেও শৰৎ কালত নিৰ্দিষ্ট সময়টোতে দেৱী দুৰ্গাৰ আৰাধনা তেতিয়াৰ পৰাই চলি আহিছে। বর্তমানেও ৰাজদৰবাৰৰ চৌহদৰ মন্দিৰত থকা কুলদেৱী মহামায়াক শুক্লা প্রতিপদৰ দিনা সমদল কৰি মহামায়া খেলপথাৰস্থিত দুর্গা মন্দিৰলৈ লৈ অনা হয়। তাতে অষ্টধাতুৰে নির্মিত কুলদেৱী মহামায়া আৰু দুৰ্গা পূজা একেলগে কৰাৰ লগতে কুঁহিলাৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰো পূজা-অৰ্চনা কৰা হয়। আনহাতে, কুলদেৱী মহামায়াক পূজা-অৰ্চনা কৰে ৰাজপুৰোহিত অৰূপ লোচন চক্ৰৱৰ্তীয়ে। বর্তমানে ৰাজপৰিয়ালৰ সদস্য প্রবীৰ কুমাৰ বৰুৱাই পূজাৰ আঁত ধৰি আহিছে।

উল্লেখ্য যে তেতিয়াৰ দিনত জাতি, বৰ্ণ, ধৰ্ম নির্বিশেষে ৰাজপৰিয়ালৰ দুৰ্গা পূজাত সা-সামগ্ৰী, খৰি, চিৰা-মূৰি, দৈ আদি যোগান ধৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছিল আৰু আজিও সেই পৰম্পৰা চলি আছে। গৌৰীপুৰৰ মহামায়া মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই কয় যে গৌৰীপুৰৰ মহামায়া মন্দিৰৰ দুৰ্গাপূজাই যুগ যুগ ধৰি এটি সংস্কৃতি, এটি পৰম্পৰা ধৰি ৰাখিছে। পূৰ্বতে ৰজাৰ আমোলত খুবেই জাকজমকতাৰে দুৰ্গাপূজাৰ আয়োজন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত গৌৰীপুৰীয়া ৰাইজৰ সহযোগত প্ৰাচীন পৰম্পৰা আৰু সংস্কৃতিক ধৰি ৰাখিবলৈ প্ৰয়াস চলাই থকা হৈছে বুলি তেওঁ কয়।

উল্লেখ্য যে মহালয়াৰ পিছদিনাৰ পৰা আৰম্ভ হোৱা গৌৰীপুৰৰ ৰজাদিনীয়া মহামায়া মন্দিৰৰ দুৰ্গাপূজা ২ অক্টোবৰত দশমী তিথি সম্পন্ন হোৱাৰ সমান্তৰালকৈ লক্ষ্মী পূজাৰ পিছত ৭ অক্টোবৰত বিয়লিৰ ভাগত অস্থায়ী মন্দিৰৰ পৰা স্থায়ী মন্দিৰলৈ মা মহামায়াক লৈ অনা হ’ব বুলি গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই জানিবলৈ দিয়ে।

You might also like