নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰহাদ কো স্বৰ্ণাঞ্জলিঃ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত বিশেষ কাৰ্যসূচীত অংশ লব ২০গৰাকী জনপ্ৰিয় শিল্পীয়ে

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ স্বাধীনতা লভাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি তথা সীমান্তত নিয়োজিত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ ত্যাগক শ্ৰদ্ধা জনাবলৈ অহা ১ এপ্ৰিলত ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত ‘শৰহাদ কো স্বৰ্ণাঞ্জলি’’ (Sarhad Ko Swarnjali) নামৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিয়ে। আজি ধুবুৰীস্থ কাৰ্যালয়ত এক সংবাদমেলত এই কথা সদৰী কৰিছে সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাৰ ‘কাৰ্গিল খেলপথাৰ’ত আয়োজিত হ’বলগীয়া উক্ত অনুষ্ঠানত ৰাজ্যৰ প্ৰায় ২০ গৰাকীকৈ জনপ্ৰিয় শিল্পীয়ে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিব বুলি দাৱী কৰিছে উদ্যোক্তাসকলে। অহা ১ এপ্ৰিলৰ বিয়লিৰ ভাগত আয়োজিত সেই অনুষ্ঠানত আনুমানিক ৪০ হাজাৰ দৰ্শকৰ আগমন ঘটাৰ আশা কৰিছে সংগঠনটোৱে। উল্লেখ্য যে ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তত প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এনে এক অনুষ্ঠানৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like