নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত চোৰাং চাউলৰ ঘাটিঃ ৮৩ বেগ চোৰাং চাউলসহ বলেৰ’ পিকআপ ভান জব্দ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বজালী জিলা সদৰ পাঠশালাৰ সমীপৱৰ্তী বামাখাটাত আজি বজালী আৰক্ষীয়ে ৮৩ বেগ চোৰাং চাউল সহ এখন বলেৰ’ পিক আপৰ লগতে ঘটনাত জড়িত তিনিগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে৷ ঘটনা সন্দৰ্ভত বজালী আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে আজি সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি কয় যে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত পাঠশালা আৰক্ষী চকীৰ অন্তৰ্গত বজালীৰ বামাখাটাত এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীৰ এটি দল উপস্থিত হৈ এখন বলেৰো পিক আপ ভানত চোৰাং চাউলৰ বস্তা উঠাই চাউলসমূহ অন্য স্থানলৈ নিবলৈ ওলোৱা প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ৮৩ বস্তা চাউলসহ এ এচ ২৫ চি চি ৬৯২৮ নম্বৰৰ বলেৰ’ পিক আপ ভানখন জব্দ কৰে৷ বামাখাটাৰ ৰবীন তালুকদাৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰত এই চোৰাং চাউলখিনি জব্দ কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি কয় যে ঘৰটোৰ গৰাকীসহ পৰিয়ালৰ লোক সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িতৰ অভিযোগত গাড়ীখনৰ চালক সহ দুগৰাকী চোৰাং চাউলৰ ব্যবসায়ীক আটক কৰিবলৈ সক্ষম হৈছে৷ আটকাধীন ব্যক্তি কেইগৰাকী হ’ল পাটাছাৰকুছি থানাৰ অন্তৰ্গত ক্ৰমে নিত্যানন্দ পানবাৰীৰ সঞ্জীৱ কলিতা(২৯), বদনকুছিৰ কংকণ দত্ত(৩৩) আৰু নিত্যানন্দ পখাৰ হেমাংগ কলিতা(৩২)৷ আৰক্ষীয়ে ধৃত আটাইকেইগৰাকীকে পাঠশালা আৰক্ষী চকীলৈ লৈ আহি জেৰা অব্যাহত ৰাখিছে আৰু এই চাউল চুৰি ঘটনাত জড়িত আন আন ব্যক্তিসকলক শীঘ্ৰেই আটক কৰিবলৈ সক্ষম হব বুলি আশা ব্যক্ত কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like