নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধৰ দিনতো উপস্থিতি দিবলৈ শিক্ষা সেতুৰ বার্তা, স্তম্ভিত শিক্ষক সমাজ

চৰকাৰী বন্ধৰ দিনাও শিক্ষা সেতু এপত উপস্থিতি দিবলৈ বিভাগীয়ভাৱে বার্তা প্রেৰণ কৰা কার্যই ৰাজ্যৰ শিক্ষক সমাজক স্তম্ভিত কৰি তুলিছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আন চৰকাৰী কার্যালয়ৰ দৰে শিক্ষানুষ্ঠানসমূহো বন্ধ আছিল যদিও বিভাগীয়ভাৱে শিক্ষকসকলক শিক্ষা সেতু এপত উপস্থিতি দিবলৈ ম’বাইলযোগে বার্তা প্রেৰণ কৰা হৈছিল৷

এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক উৎপল চক্রৱর্তীয়ে কয় যে বন্ধৰ দিনত শিক্ষা সেতুত উপস্থিতি দিবলৈ বার্তা প্রেৰণ কৰা কার্যই পুনৰ এপটোৰ বিসংগতি উন্মোচন কৰিলে৷ শিক্ষা সেতু এপত থকা বিসংগতি নিৰাময় কৰিবলৈ দীর্ঘদিন ধৰি উত্থাপন কৰি অহা দাবী দোহাৰি চক্রৱর্তীয়ে কয়– শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্য চৰকাৰৰ বন্ধৰ দিন আছিল৷ সেয়েহে শিক্ষানুষ্ঠানসমূহত স্বাভাৱিকভাৱে শিক্ষক, শিক্ষার্থী অনুপস্থিত আছিল৷

কিন্তু আশ্চর্যকৰ বিষয়টো হৈছে বিদ্যালয় প্রধানসকলক সমগ্র শিক্ষা মিছনৰ পৰা শিক্ষক–শিক্ষার্থীৰ উপস্থিতি দিবলৈ বার্তা প্রেৰণ কৰা হ’ল৷ দুবাৰকৈ ৰাষ্ট্রীয় বঁটাৰে পুৰস্কৃত শিখা সেতু এপৰ অপাৰ মহিমাই আমাক স্তম্ভিত কৰিছে৷ ইফালে শিক্ষা সেতু এপৰ বিসংগতি চিনাক্ত কৰি ত্রুটিমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্রতিবেদন ৰাজহুৱা কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে৷

এই প্রসংগত চক্রৱর্তীয়ে কয় যে বিশেষজ্ঞ সমিতিৰ প্রতিবেদন আজিও ৰাজহুৱা নহ’ল৷ তাৰ পৰিৱর্তে নিত্য নতুন বিসংগতি ধৰা দিছে৷ আনহাতে, আর্জিত ছুটী, অনুকম্পামূলক ছুটী, চিকিৎসাজনিত ছুটী, পিতৃ–মাতৃৰ বিয়োগত বিশেষ ছুটীকে ধৰি শিক্ষকসকলৰ সমস্যা শীঘ্রে সমাধান কৰিবলৈ তেওঁ দাবী জনায়৷ চক্রৱর্তীয়ে কয় যে উক্ত সমস্যাসমূহ সমাধান কৰা হ’ব বুলি একাধিকবাৰ ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে৷ কিন্তু চূড়ান্ত কার্যকৰী সিদ্ধান্ত গ্রহণ কৰা নহ’ল৷ শিক্ষকৰ চাকৰিকাল ৬২ বছৰলৈকে বৃদ্ধি, খালী পদ পূৰণ আদি সমস্যাও সমাধান কৰা উচিত৷

Niyomiya Barta Desk, 27 August

You might also like