নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত অতুল বৰাৰ হৈ নিৰ্বাচনী ৰণডংকা শিৱৰাজ সিং চৌহানৰ

নিয়মীয়া বাৰ্তা, মহুৰামুখ, ৫ এপ্রিল : “অসমৰ চাৰিওফালে এতিয়া উছাহৰ পৰিৱেশ। ৰাইজে মনস্থ কৰিছে— জয় আই অসম, কংগ্ৰেছ খতম।”— এই মন্তব্য কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। আজি ১০৫নং বোকাখাত বিধানসভা সমষ্টিৰ বিহৰাত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ সমৰ্থনত আয়োজিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলায়।

জনসভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কয় যে হিমন্ত বিশ্ব শৰ্মা এগৰাকী ‘সৰ্বজনপ্ৰিয়’ মুখ্যমন্ত্ৰী। তেওঁৰ বলিষ্ঠ নেতৃত্বত অসমে আজি বিকাশৰ এক নতুন উচ্চতাত উপনীত হৈছে। চৌহানে লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজৰ সকলো স্তৰৰ লোকক লগত লৈ সম-উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে জনতা আজি এন ডি এ চৰকাৰৰ প্ৰতি আকৰ্ষিত হৈছে। তেওঁ দাবী কৰা মতে, এইবাৰ অসমত জয়ৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিব।

ইপিনে, সভাত উপস্থিত থকা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অতুল বৰাক ‘অপ্ৰতিৰোধ্য’ বুলি অভিহিত কৰি অহা ৯ এপ্ৰিলত ‘হাতী’ৰ ছবিত ভোট দি তেওঁক বিপুল ভোটত বিজয়ী কৰিবলৈ আহ্বান জনায়। মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই আদৰণী ভাষণত বিগত ১০ বছৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি ৰাইজৰ আশীৰ্বাদ বিচাৰে।

আনহাতে, শিৱৰাজ সিং চৌহানে তেওঁৰ ভাষণত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে কেৱল ভোটৰ অংকত অনুপ্ৰৱেশকাৰীক সুৰক্ষা দি অসমক ধ্বংস কৰিছে। ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয় যে ৰাহুল গান্ধী য’লৈকে যায়, তাতেই কংগ্ৰেছ বিধ্বস্ত হয়। কাজিৰঙা ৰাষ্ট্ৰপতি উদ্যানৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰ আৰু বোকাখাতৰ নুমলীগড়ৰ পৰা গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ পথৰ নিৰ্মাণ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এইবোৰ কাম কংগ্ৰেছে কেতিয়াও কল্পনাও কৰিব পৰা নাছিল।

উল্লেখযোগ্য যে বোকাখাতৰ বিহৰাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌৱানে হেলিকপ্টাৰৰ পৰা অৱতৰণ কৰিয়েই বিহৰা চাহ বাগিচাৰ মহিলা শ্ৰমিকৰ হৈতে মূৰত টুকুৰি লৈ চাহপাতৰ কলি ছিঙে আৰু মহিলাসকলৰ সৈতে অন্তৰংগ আলাপ কৰে।

You might also like