নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱন খেড়াৰ পাছপ’ৰ্ট সম্পৰ্কীয় অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰীৰ, আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি

ডিজিটেল ডেস্ক, ৫ এপ্ৰিল : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ৩খন দেশৰ পাছপ’ৰ্ট ৰখা বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই উত্থাপন কৰা অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰিছে। এই অভিযোগক মুখ্যমন্ত্ৰীগৰাকীয়ে “অভিপ্ৰায়মূলক, মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত” বুলি অভিহিত কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে ।

এক্সযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয- “মই আৰু মোৰ পত্নীয়ে অহা ৪৮ ঘণ্টাৰ ভিতৰত পৱন খেড়াৰ বিৰুদ্ধে ফৌজদাৰী আৰু দেৱানী উভয় ধৰণৰ মানহানিৰ গোচৰ তৰিম। তেওঁৰ এই দায়িত্বজ্ঞানহীন আৰু মানহানিকাৰক মন্তব্যৰ বাবে তেওঁক সম্পূৰ্ণৰূপে জবাবদিহি কৰা হ’ব ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে পৱন খেড়াৰ আজি অনুষ্ঠিত সংবাদমেলখনে কংগ্ৰেছ দলৰ ভিতৰত থকা গভীৰ হতাশা আৰু আতংককে প্ৰতিফলন কৰিছে বুলি উল্লেখ কৰে। তেওঁ এই সংবাদমেলক বিৰোধীৰ দুৰ্বলতাৰ লক্ষণ হিচাপে আখ্যা দিয়ে। লগতে তেওঁ কয়- ‘অসম এক ঐতিহাসিক নিৰ্বাচনী জনমতৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত এনে আক্ৰমণে কেৱল তেওঁলোকৰ ভাঙি পৰা স্থিতিকেই উদঙাই দিছে।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয়- মোৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আদালতত সত্য প্ৰতিষ্ঠা হোৱাৰ পিছত পৱন খেড়াই নিজৰ কৰ্মৰ পৰিণাম ভোগ কৰিব লাগিব।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই সংবাদ মেলত এই দাবী কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে উক্ত অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰে। খেড়াই দাবী কৰিছিল যে তেওঁৰ হাতত নথি-পত্ৰভিত্তিক প্ৰমাণ আছে, যাৰ দ্বাৰা প্ৰমাণ হয় যে ৰিণিকি ভূঞা শৰ্মাই একে সময়তে ইউএই, ইজিপ্ত, এণ্টিগুৱা আৰু বাৰ্বুডাৰ বৈধ পাছপ’ৰ্ট ৰাখিছে । এই অভিযোগ অনাৰ পিছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত এই জালিয়াতি তথা পৱন খেড়াৰ বিৰুদ্ধে মানহানি আৰু অপৰাধমূলক গোচৰ ৰুজু কৰিব বুলি উল্লেখ কৰিছে।

You might also like