নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ দুঃসাহস : শ্বহীদ বেদীৰ ভূমি বেদখলেৰে দোকান নিৰ্মাণ

ঘটনা হৈছে লাহৰীঘাটৰ শ্বহীদ কমিচন ডেকাৰ শ্বহীদ বেদী। প্ৰথমে দুই কঠা মাটিত আছিল শ্বহীদ বেদী। এতিয়া মিঞাই দখল কৰিছে শ্বহীদ কমিচন ডেকাৰ শ্বহীদ বেদী

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অসম মিঞাৰ আগ্ৰাসনত পৰা বুলি সভাই সমিতিয়ে সকীয়াই থকাৰ সময়তে এইখন অসমতে সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া ৮৬০গৰাকী শ্বহীদক শ্ৰদ্ধা জনোৱাৰ সময়তে লাহৰীঘাটত মিঞাৰ ভংয়কৰ কাণ্ড। কিয়নো এইবাৰ মিঞাই চকু দিলে শ্বহীদ বেদীত।

এইবাৰ শ্বহীদ বেদী দখল মিঞাৰ। ঘটনা হৈছে লাহৰীঘাটৰ শ্বহীদ কমিচন ডেকাৰ শ্বহীদ বেদী। প্ৰথমে দুই কঠা মাটিত আছিল শ্বহীদ বেদী। এতিয়া মিঞাই দখল কৰিছে শ্বহীদ কমিচন ডেকাৰ শ্বহীদ বেদী।

বিদেশী বহিষ্কাৰ আন্দোলনত শ্বহীদ হোৱা লাহৰীঘাটৰ মহমাৰী পথাৰ (তিনিচুকীয়া) গাঁৱৰ কমিচন ডেকা শ্বহীদ হৈছিল। শ্বহীদ কমিচন ডেকাৰ সোৱঁৰণত তিনিচুকীয়াত শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছিল।

কিন্তু তিনিচুকীয়া বজাৰৰ একাংশ মিঞা ব্যৱসায়ীয়ে শ্বহীদ বেদী বেদখল কৰি দোকান নিৰ্মাণ কৰিছে। শ্বহীদ বেদী বেদখল সন্দৰ্ভত শ্বহীদ পৰিয়ালে স্থানীয় প্ৰশাসনক অভিযোগ দিয়াৰ পিছতো শ্বহীদ বেদী মুকলি নোহোৱাত শ্বহীদ পৰিয়ালৰ সদস্য উপেন ডেকাই দুখ প্ৰকাশ কৰে।

শ্বহীদ পৰিয়ালৰ সদস্যৰ লগতে স্থানীয় ৰাইজে শ্বহীদ বেদীটো বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে।

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ

You might also like