নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী বৈভৱ : প্লেঅফৰ আশা সজীৱ ৰাজস্থান ৰয়েলছৰ

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ইনিংছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছক ৭ উইকেটৰ জয় প্ৰদান কৰে। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০ অভাৰত ৫ উইকেট হেৰুৱাই ২২০ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে ১৯.২ অভাৰত ৩ উইকেটত জয় সাব্যস্ত কৰে। দলটোৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক ৯৩ ৰান সংগ্ৰহ কৰে। তেওঁ ৩৮টা বলত ৭টা চাৰি আৰু ১০টা ছয়ৰ সহায়ত এই বিধ্বংসী ইনিংছ খেলে। এই জয়ৰ লগে লগে ৰাজস্থানে প্লে-অফৰ আশা অটুট ৰাখিবলৈ সক্ষম হৈছে।

এই জয়ৰ পিছত ৰাজস্থানৰ ১৩খন মেচত ১৪ পইণ্ট হৈছে। এতিয়া অন্তিমখন মেচ জিকিলে দলটোৱে ১৬ পইণ্টলৈ যাব পাৰিব। বৰ্তমান প্লে-অফৰ শেষৰটো স্থানৰ বাবে ৫টা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে। এই দলসমূহৰ ভিতৰত ৰাজস্থানেই একমাত্ৰ দল, যিয়ে ১৬ পইণ্ট লাভ কৰি পোনপটীয়াকৈ প্লে-অফত প্ৰৱেশ কৰিব পাৰে।

মেচখনত ৰাজস্থানৰ অধিনায়ক জয়ছোৱালে টছ জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰা লক্ষ্ণৌৰ হৈ অপেনাৰ মাৰ্শ্বে ৫৭টা বলত ১১টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৯৬ ৰান সংগ্ৰহ কৰে। কিন্তু বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙে তেওঁৰ ইনিংছ নিষ্ফল কৰি তোলে।

বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ৰাজস্থানে আৰম্ভণিৰ পৰাই দখল বজাই ৰাখে। দলটোৰ হৈ জয়ছোৱাল আৰু বৈভৱ সূৰ্যবংশীয়ে প্ৰথম উইকেটৰ বাবে ৩৯টা বলত ৭৫ ৰান গঢ়ে। তাৰ পিছত বৈভৱে ধ্ৰুৱ জুৰেলৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৪৫টা বলত ১০১ ৰানৰ যুটি গঢ়ি ৰাজস্থানৰ জয় প্ৰায় নিশ্চিত কৰি তোলে।

ইয়াৰ পিছত ধ্ৰুৱ জুৰেল আৰু প্ৰেটোৰিয়াছে তৃতীয় উইকেটৰ বাবে ১৪টা বলত ১৬ ৰান যোগ কৰে। অন্তত ধ্ৰুৱ জুৰেল আৰু ডেনোভান ফেৰেইৰাই ১৭টা বলত অপৰাজিত ২৯ ৰান কৰি দলটোক জয়ৰ লক্ষ্যত উপনীত কৰে।

ৰাজস্থানৰ হৈ বৈভৱ সূৰ্যবংশীৰ উপৰি অধিনায়ক জয়ছোৱালে ৪৩, ধ্ৰুৱ জুৰেলে অপৰাজিত ৫৩, ফেৰেইৰাই অপৰাজিত ১৬ আৰু প্ৰেটোৰিয়াছে ৭ ৰান সংগ্ৰহ কৰে।

ডিজিটেল ডেস্ক, ২০ মে’

You might also like