নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানুৱে পর্যটনৰ টকা খুজি খুজি মোক অতিষ্ঠ কৰিছিল : শ্যামকানুৰ বিৰুদ্ধে বিস্ফোৰণ মন্ত্রী ৰঞ্জিত দাসৰ

🔹 ফেষ্টিভেল মহন্তৰ বিৰুদ্ধে বিস্ফোৰণ মন্ত্রী ৰঞ্জিত দাসৰ

নিয়মীয়া বার্তা, পাঠশালা, ২৪ ছেপ্টেম্বৰ : ‘নর্থ–ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ উদ্যোক্তা শ্যামকানু মহন্তই এইবেলি ছিংগাপুৰত অনুষ্ঠিত নর্থ–হষ্ট ফেষ্টিভেলৰ অনুষ্ঠানৰ বাবে আমাৰ পর্যটন বিভাগৰ পৰা অনুদান বিচাৰি আমাক অতিষ্ঠ কৰি তুলিছিল৷ আমালৈ আবেদন–নিবেদন কৰি পত্রও লিখিছিল৷ মোক বহুবাৰ ফোন কৰাৰ উপৰি হোৱাটছএপ মেছেজ দিও অতিষ্ঠ কৰিছিল যদিও আমাৰ পর্যটন বিভাগৰ পৰা তেওঁলোকক এটকাও নিদিলোঁ৷ আনকি মোক ছিংগাপুৰত অনুষ্ঠিত এই অনুষ্ঠানলৈ যাবলৈও শ্যামকানু মহন্তই বাৰে বাৰে অনুৰোধ কৰিছিল৷ তেওঁ মোক কৈছিল- আপোনাৰ পর্যটনে আমাক টকা দিব, আপুনি ছিংগাপুৰ যাব লাগিব৷ কিন্তু মই বিটিআৰৰ নির্বাচনৰ কথা কৈ যাব নোৱাৰোঁ বুলি কৈ তেওঁৰ পৰা আঁতৰিলোঁ৷’ –এই মন্তব্য অসম চৰকাৰৰ পর্যটন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ৷

অসমৰ হিয়াৰ আমঠু জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ পিছত কালি ৰাজ্য চৰকাৰে নিষিদ্ধ কৰা নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত সন্দর্ভত পাঠশালাত এই মন্তব্য কৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কয়- ‘শ্যামকানু মহন্তৰ হেঁচা সহ্য কৰিব নোৱাৰি পিছত উপায়হীন হৈ মই সমগ্র বিষয়টো মুখ্যমন্ত্রীক অৱগত কৰাত মুখ্যমন্ত্রীয়ে ক’লে যে তাত আমি টকা খৰচ কৰিলে ছিংগাপুৰৰ পর্যটক আমাৰ ইয়ালৈ আহিব নেকি? আমিহে ছিংগাপুৰলৈ যাওঁ৷ গতিকে তাত আমাৰ টকা খৰচ কৰি একো লাভ নাই৷ মুখ্যমন্ত্রীৰ এইখিনি কথাই মোক ৰাইজৰ ৰোষৰ পৰা বচাই দিলে৷’

আনহাতে, জুবিন গার্গৰ ৰহস্যজনক আকস্মিক মৃত্যুৰ আইনী ব্যৱস্থা সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আইন মন্ত্রী হিচাপে তেওঁ কয়- ‘জুবিন গার্গ সম্পর্কত আমাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোনোধৰণৰ আপোচ নকৰে৷ যিহেতু তেওঁ ৰাইজে বিচৰা ধৰণে সকলো কথাত আগবাঢ়িছে, গতিকে ৰাইজৰ দাবীক সন্মান জনাই অসমৰ জনকণ্ঠ জুবিন গার্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে মুখ্যমন্ত্রীয়ে বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু তাৰ প্রথম কাম হিচাপে শ্যামকানু মহন্তৰ সংস্থাক নিষিদ্ধ কৰিলে৷ বাকী ক্ষেত্রতো আইনে নিজৰ গতি ল’ব, তাত ৰাইজে দৃষ্টি ৰাখিলে হ’ল৷ উল্লেখ্য যে কালি পাঠশালা নগৰত পাঠশালা প্রেছ ক্লাবৰ নির্মাণৰত ভৱন পৰিদর্শন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্রী দাসে৷

You might also like