বিশেষ বাৰ্তা, ১ অক্টোবৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ মৃত্যু ঘটনাৰে নাম সাঙোৰ খোৱা সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্তক দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে। পিছত দুয়োজনকে গুৱাহাটীলৈ লৈ আনে চিআইডিৰ দলে।
গুৱাহাটী বিমানবন্দৰৰ পৰা শ্যামকানু আৰু সিদ্ধাৰ্থক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গীতানগৰস্থিত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনলৈ লৈ যোৱা হয় দুই অভিযুক্তক। মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনৰ পৰা ওলোৱাৰ সময়ত জনতাৰ নজৰত অহাৰ পৰা নিজকে বচোৱাৰ বাবে শ্যামকানু মহন্তই চি আই ডি দলৰ মাজত নিজকে লুকুৱাই নিয়াৰ চেষ্টা কৰা দেখা যায়। মুখ্য ন্যায়িক দণ্ডাধীশে দুয়োকে ১৪ দিনৰ চি আই ডিৰ জিম্মাত দিয়ে। তাৰ পৰা দুয়োকে নিশ্ছিদ্ৰ নিৰাপত্তা বেহুৰ মাজত চি আই ডিৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। বৰ্তমান দুই অভিযুক্ত চি আই ডিৰ কাৰ্যালয়ৰ লকআপত।