নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৭০ নিযুত নাগৰিকৰ আগতীয়া ভোটদান

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ আগন্তুক ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ বাবে অভিলেখসংখ্যক সত্তৰ নিযুততকৈ অধিক লোকে আগতীয়াকৈ ভোটদান কৰিছে৷ ২০১৬ চনত মুঠ ভোটদানৰ আধাতকৈ বেছি সংখ্যকে ইতিমধ্যে ৰাষ্ট্রপতি নির্বাচনত ভোটদান কৰিছে৷

ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবেই ভোটকেন্দ্রত ভিৰ নকৰাকৈ আগতীয়াকৈ ভোটদানৰ পোষকতা কৰিছে দেশখনৰ গৰিষ্ঠসংখ্যক নাগৰিকে৷ ইফালে, ৰাষ্ট্রপতি নির্বাচনলৈ মাজত মাত্র ৫ দিন বাকী থকা অৱস্থাত ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে প্রচাৰ অভিযান তীব্রতৰ কৰিছে৷

কালি ট্রাম্পে ডেম’ক্রেটিক দলৰ সবল সাংগঠনিক ভেটি থকা আৰিজ’নাত দুটাকৈ সমাৱেশত অংশগ্রহণ কৰিছে৷ ট্রাম্পক কঠোৰ সমালোচনাৰে ডেলাৱাৰেত প্রচাৰত অংশগ্রহণ কৰিছে ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে৷

You might also like