নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছআই চাকৰিৰ বাবে পি কে দত্তক দিছিল ৬ লাখ টকা

চিআইডিৰ জেৰাত হীৰকজ্যোতিৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   অসম আৰক্ষীৰ উপ পৰিদর্শক (এছ আই) পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িত কার্বি আংলঙৰ হীৰকজ্যোতি বৰুৱাই অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্তক দিছিল ৫ লাখ টকা৷ এছ আই পদৰ বাবে আগধন হিচাপে হীৰকজ্যোতি বৰুৱাই  সম্বন্ধীয় কাকতি উপাধিৰ ভাতৃ এজনৰ জৰিয়তে পি কে দত্তক এই ধন দিছিল৷ চিআইডিৰ জেৰাত এই বিস্ফোৰক স্বাকীৰোক্তি দিছে হীৰকজ্যোতি বৰুৱাই৷ স্মর্তব্য যে যোৱা ২০ ছেপ্ঢেম্বৰত এছ আই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱাৰ পাছতে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ এজাহাৰৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে ভাৰতীয় দণ্ডবিধিৰ ১২০ (খ) ৪০৯ আৰু তথ্য প্রযুক্তিৰ ৬৬ ধাৰাত ২১/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ চি আই ডিৰ এটা সূত্রই জনোৱা মতে এই গোচৰটোৰ তদন্ত চলাই প্রশ্ণকাকত ফাদিল কৰা কার্বি আংলঙৰ হীৰকজ্যোতি বৰুৱাক যোৱা সোমবাৰে গ্রেপ্তাৰ কৰে৷

হোৱাটছএপযোগে প্রশ্নকাকত প্রেৰণ কৰা হীৰকৰ সন্ধান উলিয়ায় আৰক্ষীয়ে৷ চাইবাৰ ড’ম প্রযুক্তি ব্যৱহাৰ কৰি প্রশ্নকাকত ফাদিল কৰা ঘটনাৰ বিৰুদ্ধে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে চিআইডিত এজাহাৰ দাখিল কৰাৰ পাছতে হীৰকজ্যোতি বৰুৱাই কার্বি আংলঙৰ পৰা নগাঁও অভিমুখে পলায়ন কৰাৰ সময়তে খেৰণিৰ ওচৰত চিআইডিয়ে গ্রেপ্তাৰ কৰে৷ হীৰকজ্যোতি বৰুৱাই অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্তক ৬ লাখ টকা সম্বন্ধীয় ভাতৃৰ জৰিয়তে এছ আই চাকৰিৰ বাবদ আগধন হিচাপে দিয়া বুলি স্বীকাৰোক্তি দিয়াৰ পাছতে চিআইডিয়ে বুধবাৰে দত্তৰ বাসগৃহত অভিযান চলায়৷ মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলাই চিআইডিৰ দলে সোণ, হীৰাৰ নেকলেছ আদিৰ লগতে হীৰকজ্যোতি বৰুৱাৰ এডমিট কার্ড উদ্ধাৰ কৰিছে৷ আনহাতে পি কে দত্তক আগধন দিয়া হীৰকৰ আত্মীয় ‘কাকতি’ উপাধিৰ লোকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে চি আই ডিযে

You might also like