নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুগামী ব্রহ্মৰ নির্দেশত প্রার্থী ‘যোগাৰ’ কৰিছিল কুশল দাসে

মুখ খুলিছে প্রশ্নকাকত ফাদিলত জড়িত দালালে

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ (ক্রাইম ব্রাঞ্চ) মাৰাথন জেৰাত ক্রমাৎ মুখ খুলিছে আৰক্ষীৰ উপ–পৰিদর্শক পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাত জড়িত দালাল চক্রই৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, লাখ লাখ টকাৰ বিনিময়ত উপ–পৰিদর্শক (এছ আই) পদৰ চাকৰি বিক্রীৰ দালালিত নমা ৰাজ্যৰ জলসিঞ্চন বিভাগৰ কর্মচাৰী যুগামী ব্রহ্মৰ নির্দেশত কামৰূপ জিলাৰ বামুন্দীৰ কুশল দাসে প্রার্থী ‘যোগাৰ’ কৰিছিল৷ জলসিঞ্চন বিভাগৰ নিম্নবর্গৰ সহায়ক যুগামী ব্রহ্মৰ নির্দেশত কুশল দাসে কামৰূপৰ উপৰি নলবাৰী, বৰপেটা আৰু কামৰূপ (মহানগৰ) জিলাত এছ আই পদৰ চাকৰিত আবেদন কৰা তথা চাকৰিৰ বাবে ধন দিবলৈ ইচ্ছুক প্রার্থীৰ সন্ধান উলিয়াইছিল৷ প্রার্থীভেদে ৮ৰ পৰা ১০ লাখ টকাত এছ আই পদৰ চাকৰি দিয়াৰ প্রতিশ্রুতি দি কুশল দাসে কেইবাজনো চাকৰি প্রার্থী বিচাৰি উলিয়াইছিল৷ দহজন প্রার্থী বিচাৰি দিব পাৰিলে কুশল দাসক বিনামূলীয়াকৈ এছ আই পদৰ চাকৰি দিয়াৰ প্রস্তাৱ দিছিল যুগামী ব্রহ্মই৷ সেইমর্মে কুশল দাসে উক্ত জিলাকেইখনৰ প্রার্থী বিচাৰি উলিয়াইছিল৷ ক্রাইম ব্রাঞ্চৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে কুশলে৷ উল্লেখ্য যে ধনৰ বিনিময়ত কেইবাজনো চাকৰি প্রার্থীক এছ আই পদৰ চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল যুগামী ব্রহ্মই নিজে৷ জলসিঞ্চন বিভাগৰ মহিলা কর্মচাৰীগৰাকীৰ এই প্রতিশ্রুতি পোৱাৰ পাছত এজন যুৱকে ক্রাইম ব্রাঞ্চত অভিযোগ দিয়ে৷ এই অভিযোগ পোৱাৰ পাছতে অর্থাৎ যোৱা ২০ ছেপ্ঢেম্বৰত এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাৰ দুদিন পাছতে ক্রাইম ব্রাঞ্চে যুগামী ব্রহ্মক উলুবাৰীৰ জলসিঞ্চন বিভাগৰ আৱাসিক এলেকাৰ পৰা গ্রেপ্তাৰ কৰে৷ কিন্তু গ্রেপ্তাৰৰ পাছতে স্বাস্থ্য পৰীক্ষাত ক’ভিড পজিটিভ ওলোৱাত যুগামী ব্রহ্ম বর্তমান এম এম চি এইচত চিকিৎসাধীন হৈ আছে৷ সেয়ে ক’ভিড প্রট’কল অনুসৰি ক্রাইম ব্রাঞ্চে যুগামী ব্রহ্মক জেৰা কৰাৰ পৰা বিৰত আছে৷ কিন্তু ব্রহ্মৰ ম’বাইল ফোনৰ কল লিষ্ট পৰীক্ষা কৰি ক্রাইম ব্রাঞ্চে কামৰূপৰ বামুন্দীৰ পৰা দালাল তথা চাকৰি প্রার্থী কুশল দাসক গ্রেপ্তাৰ কৰে৷ জেৰাত ক্রাইম ব্রাঞ্চৰ আগত এটা এটাকৈ এই বিস্ফোৰক তথ্য সদৰী কৰে৷ লগে লগে বহু পৰিশ্রম কৰি এছ আই পৰীক্ষাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্রস্তুত হোৱা ৰাজ্যখনৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক–যুৱতীৰ জীৱনলৈ হেতালি খেলা দালাল চক্রটোৰ লগত কুশল দাস কিদৰে জড়িত হৈ পৰিছিল, সেই তথ্য পোহৰলৈ আহে৷ উল্লেখ্য যে এছ আই পৰীক্ষাৰ চাকৰি ধনৰ বিনিময়ত বিক্রী কৰিবলৈ ব্লুপ্রিণ্ট ৰচনা কৰা ‘মাষ্টাৰ মাইণ্ড’ তথা অৱসৰপ্রাপ্ত আৰক্ষী মহাপৰিদর্শক পি কে দত্ত এণ্ড কোম্পানীৰ সৈতে যুগামী ব্রহ্মৰ যোগসূত্র থকাৰ তথ্য লাভ কৰিছে ক্রাইম ব্রাঞ্চে৷ ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পাছতে যুগামী ব্রহ্মক ক্রাইম ব্রাঞ্চে এই সন্দর্ভত সোধা–পোছা কৰিব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

You might also like