নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ মনৰ কথা কেনেকৈ ক’ব আপোন সংগীক…জানক চাৰিটা কিটিপ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  জীৱন সংগীৰে থকা সম্পৰ্ক সদায় সংবেদনশীল। মৰম থাকে, ঘাত-প্ৰতিঘাত থাকে । মনৰ কথা পাতিবলৈ থাকে বহুত। কিন্তু প্ৰশ্ন উঠে কেনেকৈ আপোনজনক নিজৰ মনৰ কথা জনাব । বহুজনে সংকোচ কৰে নিজৰ মনত থকা অভাৱ-অভিযোগসমূহ আপোনজনক কবলৈ। জানকচোন কেইটামান দৰকাৰী উপায় যাৰ জৰিয়তে আপুনি নিজৰ মনৰ কথা আপোনজনক নিঃসংকোচে কব পাৰিব।

সঠিক সময়ৰ অপেক্ষাঃ নিজৰ আপোনজনক মনৰ কথা কবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰক। নিজৰ আপোনজনৰ মনৰ কথা বুজক, জানিবলৈ চেষ্টা কৰক আপোনাৰ কথা শুনোৱাৰ সঠিক সময় কোনখিনি। অফিচৰ কাম বা অন্য ব্যস্ততাৰ মাজত যদি মনৰ কথা কবলৈ আহবাঢ়ে তেতিয়া আপোনাৰ বিপদ নিশ্চিত। ইয়াৰ যোগেদি আপোনৰ অশান্তি হ’ব পাৰে। সেই বাবে সময়ৰ সদব্যৱহাৰ কৰি নিজৰ মনৰ কথা কওক।

উপযুক্ত ভাষাঃ কথাটেই বঁটা পায় কথাটেই গটা খায়। সেইবাবে আপুনি মাৰ্জিত ভাষা প্ৰয়োগ কৰি নিজৰ মনৰ কথা কওক।

মোৰ বিপৰীতে আমাক প্ৰাধন্য দিয়কঃ বেছিভাগ সম্পৰ্কৰে সমস্যা হয় ভিতৰত থকা মইটোৰ বাবে। এই মোৰ অহংকাৰ আমাৰ হাতত সদায়ে পৰাজিত হয়। এই অহংকাৰ এৰি নিজৰ সংগীৰ লগত কথা পাতক, মনৰ দুৱাৰ খুলি দিয়ক আৰু মিলি যাওক আমিত্বৰ মাজত। দেখিব যুগ্ম জীৱন সুন্দৰ হৈ উঠিব।

লক্ষ্যভ্ৰষ্ট নহওকঃ মহাভাৰতত অৰ্জুনে যিদৰে চৰাইৰ কেৱল এটা চকুহে দেখিছিল, ঠিক সেইদৰে নিজৰ লক্ষ্যৰ প্ৰতিহে নজৰ ৰাখক। অযথা সময় খৰচ কৰি নিজৰ লক্ষ্যৰ পৰা বিচলিত নহব। শাৰীৰিক সুখ আৰু প্ৰলোভনৰ গ্ৰাসক পৰি নিজৰ লক্ষ্যৰ পৰা বিচলিত নহব । আপোনাৰ লক্ষ্য যুগ্ম জীৱনৰ সমৃদ্ধি, গতিকে অন্য কথাই যাতে ইয়াক বিপথে পৰিচালিত নকৰে তালৈ চকু দিয়ক।

 

 

 

You might also like