নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ-তৃণমূলৰ প্ৰাৰ্থীৰ বিপৰীতে শিলচৰত হেভীৱেট পৰিমল শুক্লবৈদ্য

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ভাৰতৰ লোকসভা নিৰ্বাচন বিশ্বৰ আটাইতকৈ বৃহৎ গণতান্ত্ৰিক অনুষ্ঠান। লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ১৯ এপ্ৰিলৰ ভোট দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোটগ্ৰহণ সুকলমে সম্পূৰ্ণ হৈছে। ইতিমধ্যে ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ৫টা লোকসভা সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ এই ৫টা সমষ্টিত ভোটদান সমাপ্ত হৈছে। বাকী ৯টা লোকসভা সমষ্টিৰ ভোট সমাগত। ইয়াৰ ভিতৰত ২৬ এপ্ৰিলৰ দিনা আন পাঁচটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। এই সমষ্টিসমূহ মধ্য অসম আৰু বৰাক উপত্যকাক সামৰি লৈছে। এই পাঁচটা লোকসভা সমষ্টিসমূহ হ’ল ডিফু (এছ টি), কৰিমগঞ্জ, শিলচৰ (এছ চি), নগাঁও আৰু দৰং-ওদালগুৰি। ইতিমধ্যে এই কেন্দ্ৰসমূহত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণগতিত চলি আছে। ২৪ এপ্ৰিলৰ বিয়লি শেষ হ’ব এই অভিযান। ৰাজ্যৰ এই পাঁচখন লোকসভা আসনৰ ভিতৰত শিলচৰ এখন সন্মানীয় লোকসভা আসন। বিগত সময়ত এই সমষ্টিৰ পৰা বহুতো সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হৈছে। নিৰ্বাচনৰ দিন কাষ চাপি হোৱাৰ বাবে শিলচৰত কোনে জয়ী হ’ব, কোনে পৰাজিত হ’ব সেই চৰ্চা চলিছে। ২০১৯ চনত শিলচৰ সমষ্টি বিজেপিৰ দখলত আছিল। উক্ত বছৰত বিজেপি প্ৰাৰ্থী ড° ৰাজদ্বীপ ৰয়ে লাভ কৰিছিল ৪৯৯,৪১৪টা ভোট। ভোটৰ হাৰ আছিল ৫২.৫৯ শতাংশ ভোট। তদুপৰি ১৪.৯৩ শতাংশ ভোট বৃদ্ধি হৈছিল। ইপিনে দ্বিতীয় স্থানৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱে লাভ কৰে ৪১৭,৮১৮টা ভোট। ভোটদানৰ হাৰ ৪৩.৯৯ শতাংশ, ভোট বৃদ্ধি হৈছিল ১.৯২ শতাংশ। ২০১৯ চনত আচৰিত ধৰণে তৃতীয় স্থান লাভ কৰিছিল নোটাই। নোটাত ৮৫৪৭ টা ভোট পৰিছিল। ভোটদানৰ হাৰ ০০.৯০ শতাংশ আছিল। ভোটদানৰ হাৰ ০.৩৬ শতাংশ বৃদ্ধি হৈছিল। চতুৰ্থ স্থানত তৃণমূল কংগ্ৰেছৰ হিতব্ৰত ৰায় আছিল। তেওঁ লাভ কৰে ৩৫১৪টা ভোট। তদুপৰি ভোটাৰৰ হাৰ ০.৩৭ শতাংশ আছিল। তথ্য অনুসৰি, ২০১৯ চনত কংগ্ৰেছৰ সুস্মিতা দেৱে বিজেপিৰ ড° ৰাজদ্বীপ ৰায়তকৈ ৮১৫,৫৯৫টা ভোট কম লাভ কৰিছিল। ভোটাৰৰ হাৰ ৮.৬০ শতাংশ আছিল। লগতে ভোটাৰৰ হাৰ ৪.০৬ শতাংশ আছিল। মুঠ ভোটৰ সংখ্যা আছিল ৯,৫০,৬৯০টা। ভোটদানৰ হাৰ ৭৯.৫১ শতাংশ। ভোট বৃদ্ধি হৈছিল ৪.০৬ শতাংশ। ইফালে এইবাৰ শিলচৰ লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা। ভোটাৰ ১৩ লাখ ৫১ হাজাৰ ৪৯৬জন বৃদ্ধি পাইছে। এই সংখ্যাৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৬,৭৬,৩৩১জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৬,৭৫,১৪১জন। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ২৪ জন। এইবাৰ হেভীৱেট প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লোকসভা সমষ্টি শিলচৰত। বিজেপি প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছ প্ৰাৰ্থী সূৰ্য্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস। বৰ্তমান লোকসভা নিৰ্বাচনত এই তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰত কোনে জিকিব এই সন্দৰ্ভত অফিচ আদালত, বজাৰ-হাটত চৰ্চা লাভ কৰিছে। বিজেপি প্রার্থী পৰিমল শুক্লবৈদ্যৰ পাল্লা ভাৰী বুলি একাংশ নাগৰিকে দাবী উত্থাপন কৰিছে। শাসকীয় দলৰ মন্ত্ৰী আৰু এগৰাকী স্বচ্ছ আৰু নিকা ৰাজনৈতিক নেতা হিচাপে পৰিচিত তেওঁ। চাৰি দশক ধৰি বিজেপিৰ একনিষ্ঠ সেৱক তেওঁ। ১৯৯১ চনত তেওঁ ধলাই সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল। তেওঁ পাঁচবাৰৰ বিধায়ক আৰু দুইবাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি আহিছে। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত‌ বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামকাজে তেওঁৰ বিজয়ী হোৱাৰ পথ মসৃণ কৰিছে। শিলচৰত বিজেপিৰ তিনি লাখ সদস্য আছে। ২০১৯ চনত প্ৰায় পাঁচ লাখ ভোট লাভ কৰিছিল। এইবাৰ বিজেপিয়ে তিনি লাখ ভোট বেছি পাই বিজয়ী হোৱাৰ টাৰ্গেট লৈছে। প্ৰচাৰৰ ক্ষেত্ৰতো বিজেপি শীৰ্ষত। প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে সমষ্টিৰ ভিতৰত ৪৫০টা সভাত অংশগ্ৰহণ কৰিবলৈ সফল হৈছে। ইপিনে কংগ্রেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰ দ্বিতীয় স্থানত থাকিব বুলি একাংশই দাবী উত্থাপন কৰিছে। শিলচৰত সূৰ্যকান্ত সৰকাৰ কংগ্ৰেছৰ নতুন মুখ। দীৰ্ঘদিনৰ পৰা তেওঁৰ কংগ্ৰেছী পৰিয়াল প্ৰয়াত কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ সৈতে তেওঁ তৃণমূল কংগ্রেছত যোগদান কৰিছিল যদিও চাৰি মাহৰ আগতে সূৰ্যকান্ত সৰকাৰে পুনৰ কংগ্ৰেছলৈ ঘূৰি আহে। তদুপৰি গাঁও অঞ্চলত তেখেতৰ পৰিচয় তেনেই নগণ্য। একাংশ ৰাইজৰ মতে, তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী‌ ৰাধেশ্যাম বিশ্বাস তৃতীয় স্থানত থাকিব। ৰাধেশ্যাম বিশ্বাস কৰিমগঞ্জ জিলাৰ বাসিন্দা। বহুতে তেওঁক বহিৰাগত বুলি অভিহিত কৰিছে। ২০১৪ চনত ৰাধেশ্যাম বিশ্বাসে কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু বৰ্তমান কৰিমগঞ্জ লোকসভা সমষ্টি সাধাৰণ সংৰক্ষিত হোৱাৰ বাবে শিলচৰ অনুসূচিত জাতিৰ সংৰক্ষিত হোৱাত শিলচৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। তৃণমূল নেত্ৰী সুস্মিতা দেৱৰ নেতৃত্বত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে। ইপিনে একাংশ ৰাইজে তৃণমূল কংগ্ৰেছ দ্বিতীয় স্থানে থাকিব বুলি উল্লেখ কৰিছে। অৱশ্যে শিলচৰত কোনে জিকিব সেয়া ৪ জুনত ভোটগণনাৰ পিছতহে জানিব পৰা যাব।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like