নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ আই টিৰ হাতত পৰিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট

ডিজিটেল ডেস্ক, ১১ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৩ দিন হ’ল। কিদৰে প্ৰিয় শিল্পীগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লৈছিল, এয়া জানিবলৈ সমগ্ৰ অসমবাসীয়ে হাহাকাৰ কৰি থকাৰ সময়তে দিল্লীৰ পৰা আহিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। জানিব পৰা মতে, জুবিন গাৰ্গৰ এই ভিছেৰা ৰিপ’ৰ্ট বৰ্তমান এছ আই টিৰ হাতত পৰিছেহি। এতিয়া এই ভিছেৰা ৰিপৰ্টে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমগ্ৰ ৰহস্যজনক ঘটনাৰ তদন্তক নতুন গতি প্ৰদান কৰিব।

উল্লেখ্য যে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে শেহতীয়াকৈ জুবিন গাৰ্গক বিহপান কৰোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। সাধাৰণতে এই ভিছেৰা ৰিপ’ৰ্টত বিহপান কৰোৱা বা কোনো অস্বাভাৱিক মৃত্যু হ’লে তাৰ তথ্য ওলাই পৰে। এতিয়া এই ভিছেৰা ৰিপ’ৰ্টত বিহপান কৰোৱা হৈছিল নেকি বা কি কাৰণত জুবিন গাৰ্গৰ মৃত্যু হ’ল, সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য উদঘাটন হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতকৈ অধিক উন্নত এই ভিছেৰা ৰিপ’ৰ্ট।

উল্লেখ্য যে ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল যদিও অসমবাসী ৰাইজৰ প্রবল দাবীৰ পাছত ৰাজ্য চৰকাৰেও যোৱা ২৩ ছেপ্টেম্বৰত ভঙাগড়ৰ জিএমচিএইচত দ্বিতীয়বাৰৰ বাবে শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল৷ সেই সময়তে শিল্পীগৰাকীৰ দেহৰ পৰা সংগ্রহ কৰা ভিছেৰাৰ নমুনা পৰীক্ষাৰ বাবে নতুন দিল্লীৰ ফৰেনছিক গৱেষণাগাৰলৈ প্রেৰণ কৰা হৈছিল৷ সেই ভিছেৰাৰ ৰিপ’ৰ্ট শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া এই ভিছেৰা ৰিপ’ৰ্টত কি তথ্য উদঘাটন হয়, সেয়া লক্ষণীয় হ’ব।

প্রকৃততে জুবিন গার্গক বিহপান কৰোৱাই হত্যা কৰা হৈছিল নে পানীত ডুবি তেওঁৰ মৃত্যু হৈছিল, এই সমগ্র ৰহস্য সম্প্ৰতি ভিছেৰা পৰীক্ষাৰ ফলাফলত স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে৷ সম্প্ৰতি এই ভিছেৰা ৰিপ’ৰ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত SITৰ বাবে অধিক সহায়ক হ’ব। ভিছেৰা ৰিপ’ৰ্টৰ জৰিয়তে ফাদিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বহু তথ্য।

You might also like