ডিজিটেল ডেস্ক, ২০ মাৰ্চ : অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত আজিৰে পৰা অনুষ্ঠিত হৈছে ছদিনীয়া অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাওনা প্ৰতিযোগিতাত ১০খন ভাওনা প্ৰদৰ্শিত হ’ব।
আজি পুৱাৰে পৰা বেকাজান এশঘৰীয়াৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত অগণন লোকৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে। বিভিন্ন কাৰ্যসূচীৰ লগতে উদযাপনস্থলীত স্থানীয় এগৰাকী শিল্পীৰ দ্বাৰা নিৰ্মিত জুবিন গাৰ্গৰ এটা স্থায়ী প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়।
ইয়াৰ পিছতে উলিওৱা ভাগৱতসহ এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ অগণন লোকে অংশগ্ৰহণ কৰে। প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা ভাওনা আৰম্ভ হ’ব। প্ৰতি সন্ধিয়া দুখনকৈ ভাওনা প্ৰদৰ্শন হ’ব। ভাওনাত ৰাইজৰ উপস্থিতি কামনা কৰিছে মণিকাঞ্চন নাট্যগোষ্ঠীৰ সভাপতি বিপুল কছাৰীয়ে।