হাৰ্টথ্ৰব মৃত্যুৰ ছদিনৰ পিছত সংবাদ মেল জুবিনৰ ঘনিষ্ঠ সঞ্জীৱ নাৰায়ণৰ
ৰাজ্যজুৰি জুবিন শোক। তাৰ মজতেই মূল কালপ্ৰীটত গ্ৰেপ্তাৰ তথা শাস্তি বিহাৰ দাবীত ক্ষোভৰ জুই।
নাই কোনো খবৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতৰ।
তাৰ মাজতেই আজি জুবিনৰ মৃত্যুৰ ছদিনৰ পিছত ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰিবলৈ সাজু হৈছে জুবিনৰ ঘটনাত অন্যতম অভিযুক্ত সঞ্জীৱ নাৰায়নে।
ইয়াৰ লগে আন এজন কালপ্ৰীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰো গ্ৰেপ্তাৰ আসন্ন হৈ পৰিছে। কিয়নো আজিপৰ্যন্ত জুবিনৰ মৃত্যুৰ ছদিন পিছতো কোনো শুসূত্ৰ নাই। পিছে মুখ্যমন্ত্ৰীৰ একচনৰ পিছত দুয়ো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
পিছে সাধাৰণ ৰাইজৰ মাজত থকা প্ৰশ্নটো হৈছে কিয় জুবিনৰ মৃত্যুৰ ছদিন পিছতো এই তিনিগৰাকী ব্যক্তিয়ে আত্মগোপন কৰি আছে?
ইফালে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে থকা ৰাইজৰ ক্ষোভৰ মাজতো যদিও বাহিৰ ওলোৱা নাই তথাপি তেওঁ গুৱাহাটীৰ ঘৰত অহাৰ বিপৰীতে বাকী তিনিজনৰ কোনো শুসূত্ৰ আজিও ওলোৱা নাই।
আজি সংবাদ মেল আয়োজনৰ পিছত শ্যামকানু আৰু সিদ্ধাৰ্থ কিমান দিন পলাতক হৈ থাকে, সেয়া লক্ষণীয় হব
নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ