নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বাংলা সীমান্তত স্মাৰ্ট ফেঞ্চিং থকাৰ পিছতো অব্যাহত চোৰাং সৰবৰাহ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তইদি দীৰ্ঘ দিনৰ পৰা চলি থকা পশুধন, খাদ্যদ্ৰব্য যেনে, চেনি, চাউল আদিকে ধৰি অন্যান্য সামগ্ৰীৰ চোৰাং সৰবৰাহৰ মাত্ৰা বহুলাংশে হ্ৰাস পাইছে। কিন্তু ৰাজ্যখনৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৰ কেইটামান দূৰ্গম অঞ্চলেদি বৰ্তমানেও অব্যাহত থকা দেখা গৈছে চোৰাং সৰবৰাকাৰী চক্ৰৰ তৎপৰতা। মাজে সময়ে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ অভিযানত বাংলাদেশলৈ নিয়াৰ পথত পশুধন, চেনিৰ বস্তা আদি জব্দ হোৱাৰ ঘটনাই সেই কথাকে প্ৰতিষ্ঠাপিত কৰিছে। ফলত স্বাভাবিকভাবেই জিলা দুখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত “স্মাৰ্ট ফেঞ্চিং”  ব্যৱস্থাপনা কাৰ্যকৰী হৈ উঠাৰ পিছতো কিয় চোৰাং সৰবৰাহ সম্পূর্ণ ৰূপে ৰোধ কৰা সম্ভৱপৰ হোৱা নাই সেই প্ৰশ্ন উত্থাপিত হৈছে। স্মৰ্তৱ্য যে, বিগত বছৰৰ, অৰ্থাৎ ২০১৯ চনৰ ৫ মাৰ্চৰ দিনা তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ অতি দূৰ্গম বৰ্মনপাৰা সীমান্ত নীৰিক্ষণ চকী (বিওপি)ত উপস্থিত হৈ সীমান্ত নীৰিক্ষণৰ এক অত্যাধুনিক পদ্ধতি শুভাৰম্ভ কৰিছিল৷ “কম্প্ৰিহেনচিভ ইনটিগ্ৰেডেড বোৰ্ডাৰ মেনেজমেন্ট চিচটেম” ( চি. আই.বি.এম.চি.) নামৰ এক আঁচনীৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বোল্ড-ক্যুইট (BOLD-QIT :- Border electronically dominated quick response team interception technique)  নামৰ অত্যাধুনিক সেই পদ্ধতিৰ সহায়ত ধুবুৰীৰ বিন্নাচৰাৰ পৰা মানকাচৰৰ শিশুমাৰালৈ প্ৰায় ৬১ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ  সীমান্তত এক কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱ হ’ব বুলি দাৱী কৰা পোৱা গৈছিল বিএছএফৰ শীৰ্ষ বিষয়াসকলে৷  এই পদ্ধতিৰে  সীমান্তৰ পানী, বায়ু, স্থলৰ উপৰিও ভূগৰ্ভইদিও হ’ব পৰা যিকোনো সম্ভাৱ্য অনুপ্ৰৱেশ ৰোধ কৰা সম্ভৱপৰ হ’ব বুলিয়েই সদৰি কৰিছিল বিশেষজ্ঞসকলে৷  মাটিৰ তলত অপ্টিকেল ফাইবাৰ ছিষ্টেম, জলপথত চেঞ্চৰযুক্ত “ছ’নাৰ ছিষ্টেম”, শূন্যত “হাই ৰিজলুচন কেমেৰা”  থকাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সীমাত “লেজাৰ ছিষ্টেম”ৰ মিলিত সমন্বয়ৰ সেই  অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত কেৱল স্থল সীমান্তই নহয়, উন্মুক্ত নদী সীমান্ততো কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱপৰ হ’ব বুলিও দাৱী কৰা পোৱা গৈছিল৷ ফলত স্বাভাৱিক ভাবেই সেই অত্যাধুনিক সীমান্ত নীৰিক্ষণৰ ব্যৱস্থাপনা লাগু হোৱাৰ পিছতো কিয় ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ একাংশ অঞ্চলেদি বৰ্তমানেও পশুধনকে ধৰি অন্যান্য সমাগ্ৰীৰ চোৰাং সৰবৰাহ চলি আছে সেয়া এক প্ৰশ্নৰূপে উঠি আহিছে। সমান্তৰালকৈ সাম্প্ৰতিক সময়ত ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ পৰা অৰক্ষীৰ অভিযানত বাংলাদেশৰ জেহাদী গোষ্ঠীৰ সাত জড়িত কেইবাগৰাকী ব্যক্তি কৰায়ত্ত হোৱাৰ ঘটনাৰ পিছতশ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অত্যন্ত সংবেদনশীল বুলি পৰিচিত নামনিৰ এই জিলা দুখনৰ সীমান্ত অঞ্চলত কঠোৰ নীৰিক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা থকা বুলিও কিন্তু উচ্চাৰিত হৈছে। উল্লেখ্য যে, ধুবুৰী আৰু দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ মুঠ ১৩৫ কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্তৰ ৪৪ কিলোমিটাৰ হ’ল উন্মুক্ত নদী সীমান্ত৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like