নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোট দিলেই উত্তৰাখণ্ডত হোটেল-ৰেষ্টুৰেণ্টত ২০ শতাংশ ৰেহাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ নির্বাচনী প্রচাৰৰ সময়ত ৰাজনৈতিক দলসমূহে পৰস্পৰৰ বিৰুদ্ধে বোকা ছটিওৱা খেল আৰম্ভ কৰাৰ সময়তে নির্বাচন আয়োগে দিলে এক নতুন খবৰ৷ এই খবৰ শুনি খাদ্যৰসিকসকলৰ মন উৎফুল্লিত হৈ পৰিছে৷ ভোটদানৰ পিছত হোটেল বা ৰেষ্টুৰেণ্টত খাবলৈ গ’লে খাদ্যৰ বিলত ২০ শতাংশ ৰেহাই পোৱা যাব৷ অৱশ্যে এয়া সমগ্র দেশত নহয়, এই সুযোগ পোৱা যাব কেৱল উত্তৰাখণ্ডত৷ সেয়াও আকৌ নির্দিষ্ট সময়ৰ বাবে৷ উত্তৰাখণ্ডত ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ এই ব্যৱস্থা গ্রহণ কৰিছে নির্বাচন আয়োগে৷ ইতিমধ্যে নির্বাচন আয়োগৰ সৈতে উত্তৰাখণ্ডৰ সমস্ত হোটেল আৰু ৰেষ্টুৰেণ্ট সংগঠনৰ বুজাবুজি চুক্তিও স্বাক্ষৰ হৈছে৷ এতিয়া প্রশ্নটো হ’ল কেনে পদ্ধতিত হোটেলৰ খাদ্যত ৰেহাই দিয়া হ’ব? আগন্তুক ১৯ এপ্রিলৰ পৰা দেশজুৰি ৭টা পর্যায়ত অনুষ্ঠিত হ’ব লোকসভা নির্বাচন৷ ১ জুনত অন্তিম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব আৰু ৪ জুনত ঘোষণা হ’ব ফলাফল৷ প্রথম পর্যায়ত অর্থাৎ ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব উত্তৰাখণ্ডত৷ নির্বাচন আয়োগৰ সৈতে উত্তৰাখণ্ডৰ হোটেল আৰু ৰেষ্টুৰেণ্ট এছ’চিয়েচনৰ চুক্তি অনুসৰি ১৯ এপ্রিলৰ পিছদিনাখন অর্থাৎ ২০ এপ্রিলত সমগ্র ৰাজ্যখনত ভোটদান কৰা লোকসকলে খাদ্যত ২০ শতাংশ বিশেষ ৰেহাই পাব৷ ভোট দিয়াৰ পিছত হোটেল আৰু ৰেষ্টুৰেণ্টত খাবলৈ গ’লে এই ৰেহাই পাব গ্রাহকসকলে, গতিকে আঙুলিত ভোটদানৰ সময়ত লোৱা চিয়াহীৰ দাগ দেখুওৱাটো বাধ্যতামূলক কৰা হৈছে৷ উত্তৰাখণ্ডৰ ভোটাৰসকলৰ মাজত ভোটদানৰ উৎসাহ বৃদ্ধি কৰিবলৈ এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি ৰাজ্যখনৰ হোটেল–ৰেষ্টুৰেণ্ট সংগঠনৰ সভাপতি সন্দীপ ছাইনিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ নির্বাচন আয়োগৰ এনে কার্যত অংশীদাৰ হৈছে হোটেল–ৰেষ্টুৰেণ্টবোৰ৷

You might also like