নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমত লুকাই আছে সুস্বাস্থ্যৰ চাবিকাঠী, কেনেদৰে?

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ প্ৰেমৰ সংজ্ঞা বিবিধ। কিন্তু এই বিবিধতাৰ মাজতো প্ৰেমৰ আছে বিশেষ সাৰ্বজনীন শক্তি। যদি মানুহে প্ৰেমত পৰে তেন্তে তেওঁৰ মন প্ৰফুল্ল কৰি ৰাখে, হতাশাৰ পৰা সকাহ দিয়ে আৰু কামত মনোযোগ বৃদ্ধি হয়।

নতুন কিবা এটা সৃষ্টি কৰিবলৈও আগ্ৰহ জন্মায় প্ৰেমে। এক গৱেষণাত কোৱা হৈছে যে এটা বয়সৰ পিছত সকলো লোককে প্ৰেমৰ প্ৰয়োজন। মুকলিকৈ কথা পাতিব পৰা এজন ভাল বন্ধু-বান্ধৱীৰ প্ৰয়োজনীয়তা সকলোৰে থাকে। প্ৰেমে নতুনকৈ মগজু কোষ সৃষ্টি কৰে। ই স্মৃতি শক্তি বৃদ্ধি কৰে। গতিকে সকলো মানুহৰ জীৱনত প্ৰেমৰ প্ৰয়োজন আছে। প্ৰেমে স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়।

যেতিয়া আপুনি প্ৰেমত পৰে তেতিয়া কি হয়ঃ

ৰক্তচাপ হ্ৰাস কৰে

আপোনাৰ পছন্দৰ সঙ্গীৰ সৈতে কিছু সময় কটোৱাটো ভাল। যেতিয়া আপুনি একেলগে বহে আৰু কেইবাটাও ভাল মুহূৰ্ত অতিবাহিত কৰে, তেতিয়া অক্সিটচিন হৰম’ন মুকলি হয়। ই ৰক্তচাপ হ্ৰাস কৰে। হৃদস্পন্দন ঠিক ৰাখে। আপুনি চাপমুক্ত থাকিব পাৰে। একে সময়তে বহুতো চিন্তাৰ পৰা সকাহ পাব পাৰে।

জীৱনৰ প্ৰত্যাশা বৃদ্ধি হয়

হতাশা আঁতৰ কৰিলেহে মানসিক স্বাস্থ্য উন্নত হয়। প্ৰেমে হতাশামুক্ত কৰে জীৱনক। ই কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাৰ লগতে যিকোনো কামৰ বাবে নতুন শক্তি দিয়ে। জীৱনটোক ধুনীয়া ৰূপত পাবলৈ আৰু মন ভালে ৰখাৰ এটা উপায় হ’ল প্ৰেম।

ছালৰ বাবে ভাল

ৰোমাঞ্চৰ ফলত শৰীৰত এণ্ডোৰ্ফিন হৰম’ন নিশ্চিহ্ন হয়, যাৰ ফলত মুখমণ্ডলত এক বেলেগ উজ্জ্বলতা সৃষ্টি হয়। ই ছালখন স্বাস্থ্যৱান কৰি ৰাখে। আৰু যেতিয়া আপুনি প্ৰেমত পৰে, ল’ৰা বা ছোৱালীয়ে নিজৰ যত্ন লয়। তেওঁ চেষ্টা কৰে যে তেওঁক কেনেদৰে আটাইতকৈ বেছি ভাল লগাকৈ ৰাখিব পাৰি। গতিকে ওজন নিয়ন্ত্ৰণৰ পৰা ৰূপতত্ত্বলৈকে সকলো দিশেই প্ৰেমৰ বাবে সঠিক থাকে। যেতিয়া আপুনি প্ৰেমত পৰে তেতিয়া নিজৰ প্ৰতি প্ৰেম বৃদ্ধি পায়। সকলো মানুহে তেতিয়া নিজকে অলপ বেছি সময় দিয়ে।

You might also like