ডিজিটেল ডেস্ক, ২ ডিচেম্বৰ : জুৰীয়াত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। জোঁৱায়েকে দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰিলে নিজ শাহুৱেকক। জুৰীয়াৰ দলনি জুৰীয়াত মাজনিশা সংঘটিত হয় এই ঘটনা।
জাহেদা খাতুন নামৰ ৪২ বছৰীয়া মহিলাগৰাকীক নিজ জোঁৱায়েক সুতিৰপাৰৰ হামেদ আলীয়ে দাৰে ঘপিয়াই হত্যা কৰে। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। ইফালে, মাজনিশাই জুৰীয়া আৰক্ষীয়ে আটক কৰে হামেদ আলীক।
উল্লেখ্য যে মহিলাগৰাকীৰ স্বামী মানসিকভাৱে কিছু দুৰ্বল হোৱাৰ সুযোগতে এই ঘটনা জোঁৱায়েকে সংঘটিত কৰে।