নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিডত পুনৰ ৭১ ব্যক্তিৰ মৃত্যু

বুধবাৰে পজিটিভ ৫,৬৫৭জন

নিয়মীয়া বাৰ্তা ১৩ মেঃ ৰাজ্যত ক’ভিডৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে৷ আজিৰ দিনটোত ৰাজ্যখনত ৫,৬৫৭গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে বুধবাৰে দিনটোত ৭১গৰাকী লোকৰ মৃত্যু ঘটে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি বুধবাৰে ৬৩,৯৫৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰোৱা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৮.৮৫ শতাংশ৷ দিনটোত কামৰূপ মহানগৰ জিলাত ১,৪৫৬গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ সেইদৰে কামৰূপ জিলাত ৪৬০গৰাকী, ডিব্রুগড় জিলাত ৩৮১গৰাকী, নগাঁও জিলাত ২৯৩গৰাকী লোক আজি আক্রান্ত হৈছে৷

আনহাতে, বুধবাৰে মৃত্যু হোৱা ৭১গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ২৬গৰাকী, কামৰূপ জিলাৰ ৭গৰাকী, বৰপেটা–দৰং–ডিব্রু জিলাৰ ৪গৰাকীকৈ, নগাঁও–নলবাৰী–শোণি আংলং জিলাৰ ৩গৰাকীকৈ, বঙাইগাঁও–গোলাঘাট–ক্ জিলাৰ ২গৰাকীকৈ আৰু বাক্সা–কাছাৰ–হাইলাকা জিলাৰ এগৰাকীকৈ লোক৷ ইপিনে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত আজি ৩,৮৮০গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান বিভিন্ন হাস্পতালত ৪০,৯৭০গৰাকী সক্রিয় ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ ইফালে, কাল ক’ৰোনাৰ সংহাৰত আজি দিল্লীত প্রাণ হেৰুৱালে আন এজন অসমীয়াই৷ প্রাক্তন আইএএছ বিষয়া অশোক শইকীয়াৰ পুত্র আদিত্য শইকীয়াই (৪১) আজি দিল্লীৰ সমীপৰ গুৰুগ্রামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ শইকীয়া মুম্বাইৰ ৰড শ্লাইড নামৰ এটা ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত আছিল৷

ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত বিত্ত বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক’ভিড অতিমাৰীৰ বিৰুদ্ধে চলাই অহা যুঁজখন আৰু অধিক শক্তিশালী কৰাৰ দিশত সহায়ক হোৱাকৈ স্বাস্থ্য বিভাগৰ সৈতে জড়িত সকলো ফাইল খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই জনকল্যাণমূলক আঁচনিসমূহৰ বাবে সকলো বিত্তীয় নিয়ম পূৰণ কৰাৰ অন্তত বিত্ত বিভাগক খৰতকীয়াকৈ পুঁজি মোকলাই দিয়াৰ বাবে নির্দেশ দিয়ে৷ ৰাজ্যখনৰ উন্নয়নৰ গতিধাৰা অবিৰত ৰূপত চলাই নিয়াৰ ক্ষেত্রত বিত্ত বিভাগে বৃহৎ ভূমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বিগত ৫ বছৰত ৰাজ্যখনৰ বিত্তীয় সুস্থিৰতা বজাই ৰখাৰ দিশত গ্রহণ কৰা সর্বোত্তম উপায়সমূহ অবিৰতভাৱে চলাই নিয়াৰ বাবে নির্দেশ দিয়ে৷

সেইদৰে বিত্ত বিভাগত জুলাই মাহটো অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ নির্দেশ দি আৰু অধিক যোগ্যতাসম্পন্ন হিতাধিকাৰী আঁচনিখনৰ আওতালৈ আনিবলৈ পৰামর্শ আগবঢ়ায়৷ যুৱ সবলীকৰণৰ বাবে স্বয়ম আঁচনিৰ অধীনত পুঁজি মোকলাই দিয়াৰ লগতে বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী বিতৰণৰ আঁচনি পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই অগ্রাধিকাৰ ভিত্তিত বাকী থকা স্কুটী সকলো নীতি–নিয়ম অনুসৰণ কৰি বিতৰণৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷

এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাক চৰকাৰী বিভাগসমূহত বর্তমান খালী হৈ থকা পদসমূহৰ বিতং তথ্য আহৰণৰ লগতে মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানসমূহৰ পৰা গ্রহণ কৰা ঋণৰ পৰিমাণৰ এক বিস্তৃত মূল্যায়ন কৰাৰ বাবেও নির্দেশ দিয়ে৷
প্রতিদিনে ১ লাখ লোকক ক’ভিড টেষ্ট কৰাৰ বাবে মুখ্যমন্ত্রীৰ নির্দেশ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতি আৰু এইক্ষেত্রত ল’বলগীয়া ব্যৱস্থাৰাজিৰ বিষয়ে পর্যালোচনা কৰে৷ এই বৈঠকত ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সবিশেষ আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে প্রতিদিনে এক লাখ লোকক ক’ভিড পৰীক্ষা কৰাৰ লগতে ৫০ লাখ ৰেপিড এণ্টিজেন টেষ্ট কিট ক্রয় কৰাৰ বাবে নির্দেশ দিয়ে৷ ৰাজ্যখনৰ প্রতিখন জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতি আৰু এইক্ষেত্রত চৰকাৰী নির্দেশাৱলী সঠিকভাৱে ৰূপায়ণৰ দিশটো ভিডিঅ’ কনফাৰেঞ্চযোগে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে দুদিন পাছতে পর্যালোচনা কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়৷

মুখ্যমন্ত্রীয়ে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ লগতে মাইক্র’ কনটেইনমেণ্ট জ’নৰ সংখ্যা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলক নির্দেশ দিয়ে৷ আনহাতে, মানৱীয় দৃষ্টিভংগীৰে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ অংশ হিচাপে কনটেইনমেণ্ট জ’নত থকা দুখীয়া ব্যক্তিসকলক দুসপ্তাহৰ বাবে বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিবলৈ বৈঠকত মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে ক’ভিড কেয়াৰ চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈও কয়৷ ক’ভিড ৰোগীসকলে যাতে চিকিৎসালয়সমূহত সকলো ধৰণৰ চিকিৎসাৰ সুবিধা লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ উপৰি মুখ্যমন্ত্রীয়ে স্বাস্থ্য বিভাগক ৰেমডিচিভিৰ বেজীও পর্যাপ্ত পৰিমাণে মজুত ৰখাৰ বাবে নির্দেশ দিয়ে৷

এই পর্যালোচনা সভাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, বিধায়ক তৰংগ গগৈ, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ সিন্হা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালক লক্ষমনন এছ আৰু অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷
জিলাসমূহৰ শেহতীয়া ক’ভিড পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্রীসকলক জিলাভিত্তিক দায়িত্বভাৰ অর্পণ মুখ্যমন্ত্রীৰঃ আজি মাজুলীলৈ আহিব মুখ্যমন্ত্রী ড০ শর্মা
ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিগৰাকী মন্ত্রীক বিভিন্ন জিলাৰ ক’ভিড পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব অর্পণ কৰিছে৷ এই সম্পর্কীয় এক নির্দেশনাত মুখ্যমন্ত্রী ড০ শর্মাই মন্ত্রীসকলক দায়িত্ব অর্পণ কৰা জিলাসমূহত ক’ভিড ৰোগীৰ সংখ্যা আৰু ক’ভিড পজিটিভিটীৰ হাৰ, বর্তমানতকৈ আৰু ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হ’লে হাস্পতালৰ বিছনা, চিকিৎসা কর্মী, আই চি ইউৰ সুবিধা, ঔষধ, অক্সিজেনৰ পর্যাপ্ততা, এম্বুলেঞ্চৰ পর্যাপ্ততাৰ মূল্যায়ন, জিলাসমূহত ক’ভিড সম্বন্ধীয় বাধা নিষেধৰ যথোচিত ৰূপায়ণৰ নিৰীক্ষণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা অন্যান্য বিভাগসমূহৰ সৈতে জিলা প্রশাসনৰ সমন্বয়ৰ দিশত নির্দেশনা, জিলাসমূহৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ নিয়মীয়া তথ্যসমূহ মুখ্যমন্ত্রী–স্বাস্থ্যমন্ত্ৰী অৱগত কৰিবলৈ কোৱা হৈছে৷

মুখ্যমন্ত্রী ড০ শর্মাই নিজেই মাজুলী জিলাৰ ক’ভিড পৰিস্থিতি নিৰীক্ষণ কৰিব৷ সেইদৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসক বৰপেটা, বজালী আৰু বঙাইগাঁও জিলাৰ ক’ভিড পৰিস্থিতি অবিৰতভাৱে নিৰীক্ষণৰ দায়িত্ব অর্পণ কৰিছে৷ কৃষিমন্ত্রী অতুল বৰাক যোৰহাট আৰু গোলাঘাট জিলা, হস্ততাঁত আৰু বস্ত্রশিল্প মন্ত্রী উর্খাও গৌৰা ব্রহ্মক কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলা, উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীক নলবাৰী, কামৰূপ, ওদালগুৰি জিলা, বনমন্ত্রী পৰিমল শুক্লবৈদ্যক কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক নগাঁও, হোজাই জিলাৰ দায়িত্ব দিছে৷

সেইদৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক ধেমাজি, লখিমপুৰ জিলা, নগৰ উন্নয়নমন্ত্রী অশোক সিংঘলক শোণিতপুৰ, দৰং, বিশ্বনাথ জিলা, ৰাজহমন্ত্রী যোগেন মহনক পশ্চিম কার্বি আংলং, কার্বি আংলং আৰু ডিমা হাছাও জিলা, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণক তিনিচুকীয়া, ডিব্রুগড় জিলাৰ দায়িত্ব দিছে৷ একেদৰে বিত্তমন্ত্রী অজন্তা নেওগক ধুবুৰী, লখিমপুৰ জিলা, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাক মৰিগাঁও, গোৱালপাৰা জিলা আৰু শক্তিমন্ত্রী বিমল বৰাক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দায়িত্ব দিছে৷
ক’ভিডত মৃত্যু বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা, কংগ্রেছ নেতা আব্দুল কায়ুমৰ
বার্তা ব্যুৰ’, বৰপেটা ঃ ক’ৰোনাত আক্রান্ত হৈ বৰপেটাৰ জ্যেষ্ঠ কংগ্রেছ নেতা, জ্যেষ্ঠ অধিবক্তা আব্দুল কায়ুমৰ কালি নিশা মৃত্যু হয়৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটা আব্দুল কায়ুমৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬ বছৰ৷ ১৯৬৭ চনত কংগ্রেছ দলত যোগদান কৰি কায়ুমে দলটো শক্তিশালী কৰাত যথেষ্ট অৱদান আগবঢ়াইছিল৷ প্রবীণ কংগ্রেছ নেতাগৰাকী অসম কংগ্রেছ কমিটীৰ প্রাক্তন সম্পাদকৰ লগতে জিলা কংগ্রেছৰ কেইবাবাৰো গুৰুদায়িত্বত আছিল৷ তেওঁ এগৰাকী দক্ষ ৰাজনৈতিক বিশ্লেষকৰ লগতে সমাজত এগৰাকী সফল অধিবক্তা হিচাপে পৰিচিত হৈছিল৷ অধিবক্তা আব্দুল কায়ুমে ২০১১ চনত বৰপেটা সদৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতাৰ আগবঢ়াই পৰাজয়বৰণ কৰিছিল৷ ক’ভিড প্রট’কল মানি আজি দিনৰ ডেৰ বজাত তেওঁৰ জানাজা সম্পন্ন কৰা হয়৷
দেশত ২৪ ঘণ্টাত ৩.৪৮ লাখ লোক ক’ভিড আক্রান্ত
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰ দেশজুৰি অব্যাহত আছে৷ যোৱা ২৪ ঘণ্টাত ৩.৪৮ লক্ষাধিক লোক আক্রান্ত হোৱাত আক্রান্তৰ সংখ্যা ২.৩৩ কোটিৰ অধিক হৈছে৷ সম্প্রতি দেশজুৰি ৩৭.০৪ লাখ লোক মহামাৰী ভাইৰাছবিধত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ ক’ভিড–১৯ৰ সংক্রমণ নিয়ন্ত্রণৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ লগতে এই মহামাৰী ভাইৰাছৰ পৰা প্রতিৰোধ কৰাৰ বাবে ক’ভিড–১৯ ভেকচিন প্রদান কৰি থকা হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি বর্তমানলৈকে দেশজুৰি ১৭.৫১ কোটিৰো অধিক লোকক ভেকচিন প্রদান কৰা হৈছে৷ আনপিনে হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ ক’ভিড ভেকচিন ক’ভাক্সিনক ২–১৮ বছৰৰ শিশু–কিশোৰীৰ দেহত দ্বিতীয়–তৃতীয় পৰীক্ষণৰ অনুমতি প্রদান কৰিছে বিশেষজ্ঞ কমিটীয়ে৷ ইতিমধ্যে ভাৰত বায়’টেক ক’ভাক্সিন ১৮ ঊর্ধ্বৰ সকলো লোকক প্রদান কৰি থকা হৈছে৷ এই ভেকচিনটোৰ ফলপ্রসূতাৰ ওপৰত লক্ষ্য ৰাখিয়ে কোম্পানীটোৱে ২–১৮ বছৰ বয়সৰ শিশু–কিশোৰৰ দেহত পৰীক্ষণৰ বাবে জনোৱা আবেদনত অনুমোদন জনাইছে৷ চেণ্ড্রেল ড্রাগ্ছ ষ্টানর্ড কণ্ড্র’ল অর্গেনাজেচন (চি ডি এছ অ’)ৰ অধীনৰ ছাবজেক্ট এক্সপার্ট কমিটী (এছ ই চি) কমিটীয়ে ক’ভাক্সিনক শিশুৰ দেহত দ্বিতীয়–তৃতীয় পৰীক্ষণ আৰম্ভ কৰিবলৈ অনুমতি প্রদান কৰিছে৷ ভাৰত বায়’টেকৰ সূত্রই প্রকাশ কৰা মতে দেশৰ বিভিন্ন স্থানত থকা এইমছ বিশেষকৈ দিল্লী, পাটনাৰ লগতে মেডিট্রিনা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সসহ ৫২৫ স্থানত শিশু–কিশোৰৰ দেহত ক’ভাক্সিন পৰীক্ষণ চলাব৷

আনপিনে দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হোৱাক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ)ৰ মুৰব্বী ডাঃ বলোৰাম ভার্গৱে৷ ক’ভিড–১৯ৰ শৃংখল ভংগৰ বাবে লকডাউনৰ বিকল্প নাই বুলি ইতিমধ্যে সতর্কবাণী দিয়া আই চি এম আৰৰ মুৰব্বী ডাঃ ভার্গৱে কয়– যিবোৰ জিলাত মহামাৰী ভাইৰাছটোৰ সংক্রমণৰ সংখ্যা বৃদ্ধি পাই আছে, তেনেবোৰ জিলাত ৬ৰ পৰা ৮ সপ্তাহ লকডাউন কৰা উচিত৷ এনে কৰিলেহে মহামাৰী ভাইৰাছটোৰ ভয়াৱহ সংক্রমণ নিয়ন্ত্রণ কৰিব পৰা যাব৷

You might also like