বিশেষ লেখাঃ
অসম চৰকাৰে তৃতীয় শ্রেণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজী ভাষাত শিকোৱাৰ সিদ্ধান্তই হতবাক কৰিছে৷ মই চাৰি বছৰৰ আগতে কৰা এটি চিন্তা দাঙি ধৰিব খুজিছোঁ৷ স্বাধীনতা লাভৰ পিছৰ পৰা গাঁৱে–ভূঞে এল পি স্কুল, এম ই স্কুল আৰু হাইস্কুল ৰাইজে নিজাববীয়াকৈ খুলিবলৈ আৰম্ভ কৰিছিল৷ তেতিয়া থকা চৰকাৰী স্কুলবোৰো অসমীয়া মাধ্যমৰ স্কুল আছিল৷ আনকি মিছনেৰী স্কুলবিলাকতো ইংৰাজীত গুৰুত্ব দিলেও অসমীয়া ভাষাতো সমানে গুৰুত্ব দিছিল৷ কিন্তু কালৰ কি কুটিল গতি, ইংৰাজীয়ে এতিয়া অসমীয়াক বহিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছে৷
যোৱা শতিকাৰ অষ্টম দশকৰ শেহৰ পৰা লাহে লাহে ইংৰাজী মাধ্যমৰ ব্যৱসায়িক বিদ্যালয় প্রতিষ্ঠা হ’বলৈ ধৰিলে৷ এইবোৰ বিদ্যালয় মিছনেৰীয়ে পতা নাই৷ অসমীয়া আৰু অসমৰ বাহিৰৰ ভাৰতীয় মানুহেই আৰম্ভ কৰিছিল৷ বিংশ শতিকাৰ শেষৰ দশকৰ পৰা অসমীয়া মাধ্যমৰ প্রাইমেৰী স্কুললৈ ল’ৰা–ছোৱালীৰ সোঁত লাহে লাহে কমিবলৈ ধৰিলে আৰু ইংৰাজী মাধ্যমৰ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়লৈ ল’ৰা–ছোৱালীৰ সোঁত ব’বলৈ ধৰিলে৷ ১৯৯৭ খ্রীষ্টাব্দতে অসম সাহিত্য সভাৰ ভাষণত মই এই অশনি সংকেতৰ কথা উল্লেখ কৰি কৈছিলোঁ যে অসমীয়া মাধ্যম বচাবলৈ হ’লে প্রাথমিক স্তৰৰ পৰা অসমীয়াৰ লগতে ইংৰাজীও ল’ৰা–ছোৱালীক পৰিচয় কৰাবলৈ যত্ন কৰিব লাগিব আৰু উচ্চ প্রাথমিক স্তৰৰ পৰা ইংৰাজী বিষয় হিচাপে শিকোৱাত অধিক গুৰুত্ব দিব লাগিব৷ সেই সময়ৰ শিক্ষামন্ত্রী শ্রীযুত থানেশ্বৰ বড়ো ডাঙৰীয়াকো মই সভাৰ ফালৰ পৰা লগ কৰি এখন পত্র দিছিলোঁ৷ কিন্তু চৰকাৰৰ হাতত এই বিষয়ৰ কোনো সু–নির্দিষ্ট আঁচনি নথকাৰ বাবে আগবঢ়া সম্ভৱ নহ’ল৷
এতিয়া ‘জোঁৰ পুৰি বৰলাৰ হাত পালেহি’৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয় ইখনৰ পিছত সিখনকৈ বন্ধ হ’বলৈ আৰম্ভ কৰিছে৷ সংখ্যা এশ–দুশত নহয়, সংখ্যাই হাজাৰ অতিক্রম কৰিছে৷ কোনো কোনো গাঁৱে–ভূঞেও একোটা অদ্ভূত ইংৰাজী নাম লৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠিছে৷ ইংৰাজী মাধ্যমত পঢ়ুওৱাটো সামাজিক সন্মানৰ বিষয় হৈ উঠিছে, ফলত এতিয়া এনে বিদ্যালয় পতাটো ব্যক্তিগত ভাল ব্যৱসায়ত পৰিণত হৈছে৷ ধনাঢ়্য গৰাকীসকলে ঘৰ–দুৱাৰ, আচ–বাব সকলো আধুনিকভাৱে উন্নত কৰিছে, ল’ৰা–ছোৱালীক একে ৰঙৰ পৰিষ্কাৰ–পৰিচ্ছন্ন কাপোৰ পিন্ধিবলৈ, ডিঙিত টাই মাৰিবলৈ, ভৰিত একে ধৰণৰ, একে ৰঙৰ জোতা–মোজা পিন্ধিবলৈ বাধ্য কৰিছে আৰু ইংৰাজী আখৰ চিনাবলৈ আৰু অর্থ নুবুজিলেও ‘ৰাইম’ মুখস্থ কৰাবলৈ ব্যৱস্থা কৰিছে৷ সাধাৰণ মানুহৰ মনতো ইংৰাজী উন্নত বুলি আৰু মাতৃভাষা নিম্নখাপৰ বুলি এটা ভাব সুমাই দিছে৷ বিনামূলীয়া চৰকাৰী স্কুলত পঢ়িবলৈ ল’ৰা–ছোৱালীও যাব নোখোজে আৰু অভিভাৱকেও নপঠিয়ায়৷ প্রাথমিক স্তৰত কোনো কোনো এনে মহঙা বিদ্যালয়ত নামভর্তি কৰোঁতেই পঞ্চাশ হাজাৰতকৈও অধিক ধন আদায় কৰে, মাহেকীয়া মাচুল, খোৱা–বোৱা, পিন্ধা–উৰা এইবোৰতো প্রতিমাহে কমেও চাৰি–পাঁচ হাজাৰ টকা নহ’লে নহয়৷ অভিভাৱকে ল’ৰা–ছোৱালীক ভাল কৰাৰ আশাৰে নিজে কষ্ট কৰি হ’লেও আনকি মাটি–বাৰী বন্ধকত থৈও এনে স্কুল আৰু কলেজলৈ ল’ৰা–ছোৱালী পঠাবলৈ বাধ্য হৈছে৷
আনহাতে মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুলবিলাক ঘৰ–দুৱাৰ, আচ–বাব, পোছাক–পৰিচ্ছদ কোনো ক্ষেত্রতে আকর্ষণীয় মুঠেই নহয়৷ এই সম্পর্কেও কোনো সন্দেহ নাই যে আমাৰ দেশৰ নিম্নবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহে বিনামূলীয়া চৰকাৰী স্কুললৈ ল’ৰা–ছোৱালী পঠোৱাৰ বাহিৰে আজিকালিৰ ‘চাহাবী ধৰণৰ’ স্কুললৈ ল’ৰা–ছোৱালী পঠাব নোৱাৰে৷ সেইবাবেই আনকি নিম্নবিত্ত মানুহৰ কথা চকুৰ আগত ৰাখিয়েই ‘সর্বশিক্ষা অভিযান’ আৰম্ভ কৰা হৈছিল যদিও এই অভিযানো একপ্রকাৰ ‘সর্বনশীয়া অভিযান’লৈ ৰূপান্তৰিত হ’বলৈ ধৰিলে৷ এইটোও ঠিক যে চৰকাৰে একে সময়তে আটাইবোৰ স্কুল ব্যক্তিগত স্কুলবিলাকৰ সমপর্যায়লৈ নিব নোৱাৰে৷ ইংৰাজী বিষয়টো গুৰুত্ব সহকাৰে শিক্ষা দিও মাতৃভাষা মাধ্যমৰ বিদ্যালয়বিলাক কেনেকৈ ৰক্ষা কৰিব পাৰি, সেই কথা চকুৰ আগত ৰাখি নতুন আঁচনি গ্রহণ কৰিব পাৰি নেকি সেই দিশটো খুব ভালকৈ চালি–জাৰি চাব লাগে৷
মোৰ মনত খেলোৱা এখন আঁচনিৰ কথা মই দাঙি ধৰিব খুজিছোঁ৷ প্রথম কথা হ’ল যে যিবোৰ স্কুল এতিয়াও চলি আছে, সেই স্কুলবিলাক যথাসম্ভৱ কিছু আকর্ষণীয় কৰি তুলিবৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগিব৷ শিক্ষকসকলকো এই বিষয়ত সময়ে সময়ে প্রশিক্ষণ দি তেখেতসকলক দায়িত্বৰ গভীৰতা বুজাই দি কর্মোদ্যোগ গঢ়ি তুলিব লাগিব৷ গুৰুত্বপূর্ণ প্রশ্ণ হ’ল, বন্ধ হৈ যোৱা স্কুলসমূহৰ মাটি–বাৰী, ঘৰ–দুৱাৰবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? চাব লাগে যিবোৰ স্কুল বন্ধ হৈ গৈছে, সেই স্কুলবোৰৰ মাটি–বাৰী, ঘৰ–দুৱাৰ লীজত দি উদ্যোগী লোকক ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি তুলিবলৈ চুক্তিবদ্ধ কৰি ল’ব পাৰি নেকি? সেই স্কুলবিলাক যদি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ দৰেই আকর্ষণীয় হয়, শিক্ষাদান পদ্ধতিও যদি তেনেদৰেই গুণগতভাৱে উন্নত হয়, বিষয় হিচাপে গুৰুত্ব সহকাৰে ইংৰাজী শিক্ষাৰ ব্যৱস্থাও যদি কৰা হয়, বোধকৰোঁ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ নতুন ৰূপত বাচিব পাৰে৷ অৱশ্যেই তেনে স্কুলৰ শিক্ষা বিনামূলীয়া নহ’ব, পোছাক–পৰিচ্ছদ, আচ–বাব, নীতি–নিয়ম ইংৰাজী মাধ্যমৰ লগত ফেৰ মাৰিব পৰা হ’ব লাগিব৷ যিসকল লোকে যথেষ্ট ধন ভৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ল’ৰা–ছোৱালী পঠাব পাৰিছে তেওঁবিলাকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত গুণগতভাৱে ইংৰাজী শিক্ষা পাব পৰা স্কুললৈ কিয় নিজৰ ল’ৰা–ছোৱালীক নপঠাব?
এনে বিদ্যালয়ৰ শিক্ষক আৰু কর্মচাৰীসকলৰ নিযুক্তিৰ ম্যাদ তেওঁবিলাকৰ কামৰ গুণগত মানৰ ওপৰত পৰিচালকসকলে নির্ণয় কৰিব৷ বেতনৰ হাৰো লীজত লোৱাগৰাকীয়ে ঠিক কৰিব৷ কেৱল এটা কথা চাব লাগিব যাতে এনেভাৱে লীজত দিয়া বা দিব পৰা বিদ্যালয়সমূহৰ নিযুক্তি আৰু বেতনৰ এটা সমাৱস্থা ৰক্ষা কৰা হয়৷ এনেভাৱে চুক্তিবদ্ধ কৰি যদি স্কুলবোৰ নতুনকৈ গঢ়ি তুলিব পাৰি, হয়তো বন্ধ হৈ যোৱা স্কুলবোৰে নতুন ৰূপত মূৰ দাঙি উঠিব পাৰিব আৰু অসমীয়া মাধ্যমটো আৰু ভাষাটোৱেও নতুন জীৱনী শক্তি লাভ কৰিব৷
দেখা যায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ শিক্ষকৰ আৰু কর্মচাৰীৰ বেতন চৰকাৰী মাধ্যমৰ বিদ্যালয় শিক্ষক আৰু কর্মচাৰীতকৈ বহুত কম৷ কিন্তু তেওঁলোকে যিদৰে কঠোৰ শ্রম কৰে আৰু শিক্ষাদান কৰে, চৰকাৰী স্কুলত সেই মান খুব কম পোৱা যায়৷ ইয়াৰ বোধকৰোঁ এটাই কাৰণ হ’ব পাৰে যে চৰকাৰী স্কুলত এবাৰ নিযুক্তি পোৱাৰ পিছত অৱসৰ নোপোৱালৈকে এজন শিক্ষকে বেতন আৰু অন্যান্য সুবিধা নিচিন্তমনে লাভ কৰে৷ কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যিহেতু এজন শিক্ষকে বা কর্মচাৰীয়ে সন্তোষজনক শিক্ষাদান বা সেৱা আগবঢ়াব নোৱাৰিলে চাকৰি নাথাকে, সেইবাবে তেখেতসকলে নিজৰ কাম আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰে৷ মই ভাবোঁ চৰকাৰে যদি এনে এটা ব্যৱস্থা কৰাৰ কথা ভাবিব পাৰে বোধকৰোঁ দুয়োকুল ৰক্ষা পৰিব পাৰে৷ তাৰ বাবে চৰকাৰে নিয়মাৱলীৰ চর্ত দি লীজত দিব পাৰিলে কাম হ’ব পাৰে৷
এনে এটা আঁচনি কার্যকৰী কৰিব পাৰিলে তাৰ লগে লগে মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকৰ ক্রমান্বয়ে আগবঢ়াই নিয়াৰ যত্ন কৰিব পৰা হ’ব বুলি ভাবোঁ৷ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ লাহে লাহে উন্নত কৰিবলৈ হ’লে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়সমূহৰ দৰে নিযুক্তি আৰু নিয়ন্ত্রণৰ ক্ষেত্রত কঠোৰ হ’বই লাগিব৷ তলৰ স্তৰত শিক্ষক–শিক্ষয়িত্রীয়ে ল’ৰা–ছোৱালীক দৈনিক ভাত ৰান্ধি খুৱাবলৈ হ’লে, শিক্ষকসকলে শিক্ষা দিব কেতিয়া আৰু ল’ৰা–ছোৱালীয়ে পঢ়াৰ প্রতি মনোযোগ দিব কেনেকৈ? তাৰ পৰিৱর্তে যদি অন্য ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ’লে হয়তো কিছু কাম হ’ব পাৰে৷ শিক্ষকে চাউল–দাইল, খৰি, বাচন–বর্তন কিনি ভাত ৰান্ধি খুওৱাৰ পৰিৱর্তে ঠায়ে ঠায়ে মানসম্পন্ন ব্যৱসায়িক প্রতিষ্ঠানক নির্দিষ্ট মান আৰু জোখৰ ফল–মূল আৰু সহজে নষ্ট হ’ব নোৱাৰা বিস্কুটজাতীয় খাদ্যৰ একো একোটা ‘পেকেট’ ছাত্র–ছাত্রীৰ সংখ্যানুপাতে তেনে স্কুলবিলাকত যোগান ধৰাৰ ব্যৱস্থা কৰাব পাৰি৷ লাগে কেৱল বাস্তৱসন্মত ব্যৱহাৰযোগ্য আঁচনি৷ নিজৰ ঘাই সংস্কৃতিৰ ঐতিহ্যৰ পৰা ল’ৰা–ছোৱালী যাতে কেতিয়াও বিচ্ছিন্ন নোহোৱাকৈ আধুনিক শিক্ষাৰ আৰু বিজ্ঞান মনষ্কতাৰো অধিকাৰী হ’ব পাৰে, তাৰ প্রতি দৃষ্টি ৰাখি পাঠ্যক্রম প্রস্তুত কৰাটো হ’ব লাগিব প্রধান লক্ষ্য৷ মাতৃভাষাৰে ভেটিটো বান্ধিলেহে তেনে এক লক্ষ্যত উপনীত হোৱাৰ আশা কাৰিব পাৰি৷
নগেন শইকীয়া