নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ দুৰ্ঘটনাত পতিত ধুবুৰীৰ অ’চি পাৰ্থপ্ৰতিম গগৈঃ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ যোৱা বৃহস্পতিবাৰৰ নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দূৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম গগৈৰ। জানিব পৰা মতে, সিদিনা নিশা প্ৰায় এটা–ডেৰটামান বজাত আৰক্ষী বিষয়াগৰাকীৰ বিভাগীয় বাহনখন চালকগৰাকীয়ে ধুবুৰী চহৰৰ জি.টি.বি. ৰোডৰ দাঁতিৰ এটা বৈদ্যুতিক খুটাত খুন্দিওৱাত এই দূৰ্ঘটনাটো সংঘটিত হয়। দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া গগৈ আৰু চালকগৰাকীক ধুবুৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পাতালত ভৰ্তি কৰোৱা হোৱা বুলি প্ৰকাশ। উল্লেখ্য যে, সিদিনা অৰ্থ্যাৎ বৃহস্পতিবাৰৰ নিশা অকষ্মাতে হাৰ্ট এটেক হৈ ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হোৱা বিজেপিৰ সক্ৰিয় কৰ্মী ৰাজু ৰায় নামৰ এজন স্থানীয় সৰবৰহী যুৱকৰ খৱৰ লবলৈ যোৱাৰ সময়ত উক্ত ঘটনাটো সংঘটিত হৈছিল। ইপিনে ৰাজু ৰায় নামৰ সেই দূৰ্ভগীয়া যুৱকজনে আজি পুৱতি নিশা হৃদজনিত কাৰণত চিকিৎসালয়খনত চিকিৎসাৰত অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত দুটাকৈ কণমানি শিশু আৰু পত্নীক এৰি যোৱা যুৱকজনৰ মৃত্যুত শোকৰ ছা পৰিছে ধুবুৰীত। ইতিমধ্যে কালি ধুবুৰী শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like