নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রখ্যাত গায়িকা ছাকিৰাক ৮ বছৰৰ কাৰাৱাস

বিশেষ বাৰ্তা, ৩০ জুলাইঃ স্পেইনত ২০১২ চনৰ পৰা ২০১৪ চনলৈ উপার্জিত ধনৰ কৰ প্রৱঞ্চনাৰ অভিযোগত আন্তর্জাতিক সংগীত তাৰকা ছাকিৰাক ৮ বছৰৰ কাৰাৱাস বিহাতো নিশ্চিত হৈছে৷ আদালতে সংগীত তাৰকাগৰাকীক কৰ ফাঁকি সন্দর্ভত আবেদনৰ জৰিয়তে বিভাগৰ সৈতে মিলা–মিচা কৰিবলৈ দিয়া নির্দেশক তাৰকাগৰাকীয়ে নাকচ কৰাৰ পিছতে ৮ বছৰৰ কাৰাৱাস নিশ্চিত হৈছে৷ কাৰাৱাসৰ উপৰি ৪৫ বছৰীয়া সংগীত তাৰকাগৰাকীক ২৪.৫ নিযুত মার্কিন ডলাৰ জৰিমনা বিহা হ’ব৷ আদালতে আনুষ্ঠানিকভাৱে এই শাস্তি ঘোষণা কৰা নাই যদিও কৰ ফাঁকিৰ অভিযোগত তাৰকাগৰাকীক এই শাস্তি বিহাতো নিশ্চিত বুলি দাবী কৰিছে কৰ বিভাগৰ কর্তৃপক্ষই৷ উল্লেখ্য যে এফচি বার্চিলোনাৰ তাৰকা ফুটবলাৰ জেৰাড পিকৰ সৈতে সম্পর্ক গঢ়াৰ সময়ত সংগীত তাৰকাগৰাকীয়ে ২০১১ চনত স্পেইনত আছিল আৰু ২০১২ৰ পৰা ২০১৪ চনলৈকে উপার্জিত ধনৰ কৰ প্রদান কৰা নাছিল৷

You might also like