নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : কৃষি বিজ্ঞানী এম এছ স্বামীনাথন

নৰেন্দ্র মোদী, প্রধানমন্ত্রী

কেইদিনমান পূর্বে আমি অধ্যাপক এম. এছ. স্বামীনাথনক হেৰুৱাইছোঁ৷ আমাৰ ৰাষ্ট্রই কৃষি বিজ্ঞানত বিপ্লৱ অনা এজন দূৰদর্শীক হেৰুৱালে, তেওঁ এগৰাকী শক্তিশালী ব্যক্তি, যাৰ ভাৰতলৈ অৱদান সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ অধ্যাপক এম. এছ. স্বামীনাথনে ভাৰতক ভাল পাইছিল আৰু আমাৰ ৰাষ্ট্র তথা বিশেষকৈ আমাৰ কৃষকসকলে সমৃদ্ধিৰ জীৱন যাপন কৰাটো বিচাৰিছিল৷ উজ্জ্বল শৈক্ষিক অর্হতাৰ স্বামীনাথনে যিকোনো কেৰিয়াৰ বাছনি কৰিব পাৰিলেহেঁতেন৷ কিন্তু ১৯৪৩ চনৰ বংগৰ দুর্ভিক্ষই তেওঁক ইমানেই প্রভাৱান্বিত কৰিছিল যে তেওঁ স্পষ্টকৈ কৈছিল– যদি তেওঁ কাম কৰে, তেন্তে কৃষি অধ্যয়ন কৰাটোৱেই সেই কাম হ’ব৷

তুলনামূলকভাৱে কম বয়সতে স্বামীনাথনে ডাঃ নৰমান বৰলাগৰ সংস্পর্শলৈ আহিছিল আৰু বৰলাগ আৰু তেওঁৰ কর্মৰাজিক অনুসৰণ কৰিছিল৷ ১৯৫০ৰ দশকত স্বামীনাথনক আমেৰিকা যুক্তৰাষ্ট্রত অনুষদ (ফেকাল্টি) পদৰ প্রস্তাৱ দিয়া হৈছিল৷ কিন্তু তেওঁ ইয়াক প্রত্যাখ্যান কৰিছিল৷ কাৰণ তেওঁ ভাৰতত থাকি ভাৰতৰ বাবে কাম কৰিব বিচাৰিছিল৷

মই বিচাৰো যে আপোনালোক সকলোৱে তেওঁ কেনে প্রত্যাহ্বানপূর্ণ পৰিস্থিতিৰ মাজতো স্থিতপ্রজ্ঞৰ দৰে থিয় হৈ থাকি আমাৰ দেশক আত্মনির্ভৰশীলতা আৰু আত্মবিশ্বাসৰ পথ প্রদর্শন কৰিছিল সেই কথা অনুধাৱন কৰক৷ স্বাধীনতাৰ পিছত প্রথম দুটা দশকত আমি অপৰিসীম প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আছিলো আৰু তাৰে এটা আছিল খাদ্যৰ অভাৱ৷ ১৯৬০ৰ দশকৰ আৰম্ভণিতে ভাৰতে দুর্ভিক্ষৰ কৰাল গ্রাসৰ সৈতে যুঁজি আছিল আৰু তেতিয়াই অধ্যাপক স্বামীনাথনৰ অটল বিশ্বাস আৰু দূৰদর্শিতাই কৃষিক্ষেত্রত সমৃদ্ধিৰ এক নতুন যুগৰ সূচনা কৰিছিল৷

তেওঁৰ অগ্রণী কর্মৰ বাবেই কৃষি উৎপাদনৰ লগতে ঘেঁহুৰ নতুন প্রজাতি উদ্ভাৱন আদিৰ দৰে নির্দিষ্ট খণ্ডত ডৎপাদন যথেষ্ট বৃদ্ধি পাইছিল৷ এনেদৰে তেওঁ ভাৰতক খাদ্যৰ অভাৱত ভুগি থকা এখন দেশৰ পৰা এখন স্বাৱলম্বী ৰাষ্ট্রলৈ পৰিণত কৰিছিল৷ এনে অভাৱনীয় সাফল্যই তেওঁক ‘ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ’ উপাধিৰ বাবে যোগ্য কৰি তুলিছিল৷

সেউজ বিপ্লৱে শত–সহস্র প্রত্যাহ্বানৰ মাজতো ভাৰতক ‘কৰি দেখুওৱাৰ উদ্দীপনা’ক জাগ্রত কৰিছিল৷ সেউজ বিপ্লৱ আৰম্ভ হোৱাৰ পাঁচ দশক পিছত ভাৰতীয় কৃষি বহু বেছি আধুনিক আৰু প্রগতিশীল হৈ পৰিছে৷ কিন্তু অধ্যাপক স্বামীনাথনে স্থাপন কৰা ভেটি আমি কেতিয়াও পাহৰিব নোৱাৰিম৷

বিগত বহু বছৰ ধৰি তেওঁ আলুক ক্ষতিগ্রস্ত কৰা পৰজীৱীৰ সৈতে যুঁজ দিয়াৰ বাবে অগ্রণী গৱেষণা কৰিছিল৷ তেওঁৰ গৱেষণাই আলুক ঠাণ্ডা বতৰ সহ্য কৰিবলৈ সক্ষম কৰিছিল৷ আজি বিশ্বই মিলেটছ বা শ্রী অন্নক ছুপাৰ ফুড বুলি কৈছে, কিন্তু অধ্যাপক স্বামীনাথনে ১৯৯০ৰ দশকৰে পৰা মিলেটছক উৎসাহিত কৰিছিল৷

অধ্যাপক স্বামীনাথনৰ সৈতে মোৰ বিস্তৃতভাৱে ব্যক্তিগত বার্তালাপ হৈছিল৷ মই ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লৈছিলোঁ৷ সেই দিনবোৰত গুজৰাট কৃষি দক্ষতাৰ বাবে জনাজাত নাছিল৷ একাধিক খৰাং আৰু প্রবল ঘূর্ণিবতাহ তথা ভূমিকম্পহ ৰাজ্যখনৰ বিকাশৰ গতিপথত প্রভাৱ পেলাইছিল৷ আমি আৰম্ভ কৰা বহুকেহটা পদক্ষেপৰ ভিতৰত এটা আছিল মাটিৰ স্বাস্থ্য কার্ড প্রৱর্তন কৰা, যিয়ে আমাক মাটিক ভালদৰে বুজিবলৈ আৰু মাটিত সমস্যাৰ উদ্ভৱ হ’লে তাৰ সমাধান কৰিবলৈ সক্ষম কৰি তুলিছিল৷ এই আঁচনিৰ অচিলা লৈয়েই মই অধ্যাপক স্বামীনাথনক লগ পাহছিলোঁ৷ তেওঁ আঁচনিখনৰ প্রশংসা কৰিছিল আৰু ইয়াৰ বাবে তেওঁৰ মূল্যৱান পৰামর্শ আগবঢ়াহছিল৷ যিসকলে আঁচনিখনৰ বিষয়ে সন্দিহান আছিল তেওঁলোকক বুজাবলৈ তেওঁৰ মন্তব্যহ যথেষ্ট আছিল৷ অৱশেষত সেই আঁচনিয়েই গুজৰাটৰ কৃষিখণ্ডৰ সফলতাৰ কাৰক হৈ পৰিছিল৷

মোৰ মুখ্যমন্ত্রিত্বৰ কার্যকালত আৰু মই প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ সময়তো আমাৰ বার্তালাপ অব্যাহত আছিল৷ মই তেওঁক ২০১৬ চনত আন্তর্জাতিক কৃষি–জৈৱ বৈচিত্র্য কংগ্রেছত লগ পাইছিলোঁ আৰু পৰৱর্তী বছৰ ২০১৭ চনত, মই তেওঁ লিখা দুটা খণ্ডৰ কিতাপো উন্মোচন কৰিছিলোঁ৷

কুৰালে কৃষকসকলক পৃথিৱীখনক একেলগ কৰি ধৰি ৰখাৰ ‘পিন’ হিচাপে অভিহিত কৰিছে৷ কাৰণ কৃষকসকলেহে সকলোকে জীয়াই ৰাখে৷ অধ্যাপক স্বামীনাথনে এই নীতিটো ভালদৰে বুজি পাইছিল৷ সেইবাবেই বহুতেহ তেওঁক ‘কৃষি বিজ্ঞানী’ বুলি কয়– এগৰাকী কৃষি বিজ্ঞানী৷ কিন্তু, মই সদায় বিশ্বাস কৰি আহিছোঁ যে তেওঁ তাতোকৈও অধিক আছিল৷ তেওঁ এজন সঁচা অর্থত ‘কিষাণ বিজ্ঞানী’ আছিল– এজন কৃষক বিজ্ঞানী৷ তেওঁৰ হৃদয়ত এজন কৃষক আছিল৷ তেওঁৰ কামৰ সফলতা কেৱল তেওঁলোকৰ শৈক্ষিক উৎকর্ষতাতে সীমাবদ্ধ নাছিল সেয়া পৰীক্ষাগাৰৰ বাহিৰত, পাম আৰু খেতিপথাৰত নিহিত হৈ আছে৷ তেওঁৰ কামে বৈজ্ঞানিক জ্ঞান আৰু ইয়াৰ ব্যৱহাৰিক প্রয়োগৰ মাজৰ ব্যৱধান হ্রাস কৰিছিল৷ তেওঁ নিৰন্তৰভাৱে বহনক্ষম কৃষিৰ বাবে ওকালতি কৰিছিল, মানৱৰ উন্নতি আৰু পাৰিপার্শ্বিক স্থিৰতাৰ মাজত সূক্ষ্ম ভাৰসাম্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল৷ ইয়াত মই স্বামীনাথনে ক্ষুদ্র কৃষকসকলৰ জীৱনৰ মান উন্নত কৰি তেওঁলোকক উদ্ভাৱনৰ সুফল ভোগ কৰাৰ বাবে আৰোপ কৰা বিশেষ গুৰুত্বৰ কথা বিশেষভাৱে মন কৰিছোঁ৷ তেওঁ মহিলা কৃষকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে বিশেষভাৱে উৎসাহী আছিল৷

অধ্যাপক এম. এছ. স্বামীনাথনৰ বিশেষ আন এটা দিশ আছিল, যিটো সঁচাকৈয়ে লক্ষণীয়– তেওঁ উদ্ভাৱন আৰু নেতৃত্বদানৰ এক ওখ স্তম্ভস্বৰূপ আছিল৷ যেতিয়া তেওঁ প্রথমগৰাকী ব্যক্তি হিচাপে ১৯৮৭ চনত সন্মানজনক বিশ্ব খাদ্য বঁটা লাভ কৰিছিল, তেতিয়া তেওঁ পুৰস্কাৰৰ ধনৰাশি ব্যৱহাৰ কৰি এক অলাভজনক গৱেষণা ফাউণ্ডেচন স্থাপন কৰিছিল৷ আজিলৈকে সেই ফাউণ্ডেচনে বিভিন্ন ক্ষেত্রত বিভিন্ন ধৰণে কাম কৰি আহিছে৷ তেওঁ অগণন মনক আকৃষ্ট কৰিছে, তেওঁলোকৰ মাজত শিকা আৰু উদ্ভাৱনৰ প্রতি আগ্রহ জাগ্রত কৰিছে৷ দ্রুতগতিত পৰিৱর্তনশীল পৃথিৱীত তেওঁৰ জীৱনে আমাক জ্ঞান, পৰামর্শ আৰু উদ্ভাৱনৰ স্থায়ী শক্তিৰ কথা মনত পেলাই দিয়ে৷ তেওঁ এজন প্রতিষ্ঠান গঢ়োঁতাও আছিল, তেওঁৰ উদ্যোগতে বহু কেন্দ্রত গৱেষণা পৰিচালিত হৈছিল৷ মেনিলাৰ আন্তর্জাতিক ধান গৱেষণা প্রতিষ্ঠানৰ সঞ্চালক হিচাপে তেওঁ কার্যনির্বাহ কৰিছিল৷ আন্তর্জাতিক ধান গৱেষণা প্রতিষ্ঠানৰ দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্রটো ২০১৮ চনত বাৰাণসীত স্থাপন কৰা হৈছিল৷

ড০ স্বামীনাথনক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে মই পুনৰ কুৰালৰ উদ্ধৃতি দিম৷ ইয়াত লিখা আছে, ‘যিসকলে পৰিকল্পনা কৰিছে তেওঁলোকৰ দৃঢ়তা থাকিলে তেওঁলোকে যি বিচাৰে সেয়া লাভ কৰিব৷’ তেওঁ এজন শক্তিশালী ব্যক্তি আছিল, যিয়ে জীৱনৰ আৰম্ভণিতে সিদ্ধান্ত লৈছিল যে তেওঁ কৃষিক শক্তিশালী কৰিব বিচাৰে আৰু কৃষকসকলক সেৱা কৰিব বিচাৰে৷ আৰু তেওঁ সেয়া অভিনৱ আৰু অসাধাৰণভাৱে কৰিছিল৷

ড০ স্বামীনাথনৰ কর্মৰাজিয়ে আমাক কৃষি উদ্ভাৱন আৰু স্থিৰতাৰ পথ তৈয়াৰ কৰাৰ পথত অনুপ্রাণিত আৰু পথ প্রদর্শন কৰি আহিছে৷ কৃষি বিপ্লৱৰ বাবে তেওঁ গ্রহণ কৰা নীতিসমূহৰ প্রতি আমি আমাৰ প্রতিশ্রুতি পুনৰ নিশ্চিত কৰিব লাগিব, কৃষকসকলৰ উদ্দেশ্যক সমর্থন কৰিব লাগিব আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ফল আমাৰ কৃষি ক্ষেত্রৰ তৃণমূল পর্যায়ত উপনীত হোৱাটো নিশ্চিত কৰিব লাগিব৷ লগতে তেওঁৰ আদর্শৰে অনুপ্রাণিত হৈ আমি অনাগত প্রজন্মৰ বাবে বিকাশ, স্থিৰতা আৰু সমৃদ্ধি নিশ্চিত কৰিব লাগিব৷

You might also like