নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজ আৰু আঁচনিসমূহৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মাননীয় মন্ত্ৰী শ্ৰীকেশৱ মহন্তৰ উপস্থিতিত উচ্চপদস্থ বিষয়াসকলৰ সৈতে স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজ আৰু আঁচনিসমূহৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভাগটোৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে চিকিৎসা বিষয়াসকলৰ পদোন্নতি সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰি প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰাৰ বাবে স্বাস্থ্য সঞ্চালক, যুটীয়া স্বাস্থ্য সচিব আদিকে ধৰি ৰাজ্যিক পৰ্যায়ৰ বিষয়াসকলক জিলাসমূহ পৰিদৰ্শন কৰি বাৰ্ষিক গোপনীয়তাৰ প্ৰতিবেদন আদিৰ সৈতে জড়িত সকলো সমস্যা সমাধান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

এই বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত স্নেহস্পৰ্শ, হৃদৰোগ সম্পৰ্কীয়, আৰোগ্য নিধি আদি আঁচনিসমূহ ৰূপায়ণৰ বিষয়েও আলোচনা কৰা হয় আৰু জিলা পৰ্যায়ত সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ আৰু তৃণমূল পৰ্যায়ত ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ দ্বাৰা নিৰীক্ষণৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়।

এই বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আদিৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

You might also like