নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত লিংগ সমানতা আনো শীৰ্ষক অনুষ্ঠান

নিয়মীয়া বাৰ্তা, সোণাৰা চাপৰি, ৮মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ঘিলামৰা উন্নয়ন খণ্ডৰ উদ্যোগত আৰু সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ‘এক সুস্থিৰ ভবিষ্যতৰ বাবে আজিয়েই লিংগ সমানতা আনো’ শীৰ্ষক কাৰ্যসূচীৰে নাৰী দিৱস উদযাপন কৰা হয়৷ সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ স্থায়ী প্ৰেক্ষাগৃহত মনজিত সোণোৱালৰ সভাপতিত্বত পঞ্চায়তৰ সচিব কল্যাণ দত্তই আঁত ধৰা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মহিলা আৰু শিশুৰ বিষয়ক এলানি আলোচনাও অনুস্থিত কৰা হয় ৷ সভাত ঘিলামৰা সমাজ কল্যাণ বিভাগৰ বিষয় ববীয়া, কেকুঁৰি গাঁও পঞ্চায়তৰ সভাপতি উজ্জ্বল চুতীয়া, ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ সচিবসকলৰ লগতে সোণাৰি চাপৰি আৰু কেকুঁৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত জীৱিকা সখী, আশা কৰ্মী, অংগণবাড়ী কেন্দ্ৰসমুহৰ কৰ্মী সহায়িকাৰ লগতে শতাধিক মহিলা উপস্থিত থাকে ৷

You might also like